ৰহা দেবাগুৰী নিবাসী,বিশিষ্ট শিক্ষাবিদ, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত, সংস্কৃত পণ্ডিত,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ভগৱান চন্দ্ৰ গোস্বামী ৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতি চাৰন সভা অনুষ্ঠিত হয়।

     প্ৰয়াত গোস্বামী ৰ বাসগৃহত আজি দিনৰ ২বজাত কংকেশ্বৰ গোস্বামী ৰ পৰিচালনা ত অনুষ্ঠিত হোবা স্মৃতি চাৰন সভাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা,ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন উপধ্যক্ষা দ্বিপ্তী দেৱী শৰ্মা, প্ৰয়াত গোস্বামী ৰ  ভাতৃ ড° ৰমেশ গোস্বামী,জোঁবাই ড° সঞ্জয় শৰ্মাই প্ৰয়াত ভগৱান চন্দ্ৰ গোস্বামী ৰ দ্বাৰা শিক্ষা ৰ লগতে বিভিন্ন ক্ষেত্ৰত দি যোবা অবদান ৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে স্মৃতি চাৰন সভাত প্ৰয়াত গোস্বামীৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন ৰ পাছত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন ৰ প্ৰতিনিধি, সদস্য সদস্যা সকলে প্ৰয়াত গোস্বামীৰ প্ৰতিচ্ছবি ৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি বিদেহী আত্মাশান্তীৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে।

     স্মৃতি চাৰন সভাত শিক্ষাবিদ ভগৱান চন্দ্ৰ গোস্বামী ৰ দুই পুত্ৰ,এগৰাকী কন্যা,বোৱাৰী, নাতী সহ পৰিয়ালবৰ্গৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি উপস্থিত থাকে।