ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। গ্ৰন্থ অধ্যয়নৰ এক নতুন পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে গ্ৰন্থমেলা সমূহৰ বাকৰিত উন্মোচন হৈছে বহু লেখকৰ নতুন গ্ৰন্থ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে মৰাণৰ অৰুণোদয় সংঘৰ প্ৰাঙ্গণত মৰাণৰ নাগৰিক সমাজ উদ্যোগত অনুষ্ঠিত হৈছে তৃতীয় মৰাণ গ্ৰন্থমেলা। 29 নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগা এই গ্ৰন্থমেলাৰ বাকৰিত প্ৰতিদিনে লেখক পাঠকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক ব্যস্ততাৰ পৰা আঁতৰি নিশা মৰাণত গ্ৰন্থমেলাৰ বাকৰিত প্ৰিয় গ্ৰন্থখন বিচাৰি গ্ৰন্থমেলাত উপস্থিত হয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। প্ৰিয় গ্ৰন্থ বিচাৰি এখনৰ পাছত আন এখন গ্ৰন্থ বিপনী পৰিদৰ্শন কৰিলে মন্ত্ৰী গৰাকীয়ে। গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থৰ প্ৰতি আগ্ৰহ দেখুওৱা কেইবাজনো পাঠকক গ্ৰন্থ উপহাৰ দিলে সাংস্কৃতিক মন্ত্ৰীজনে। গ্ৰন্থ বিচৰাৰ মাজতে সাংবাদিকৰ সৈতে মুখামুখি হৈ মন্ত্ৰী গৰাকীয়ে কয় কিতাপৰ মাজত পৃথিৱীখন বিচাৰি পোৱা যায়। কিতাপৰ লগত সম্পৰ্ক থাকিলে মনটো প্ৰফুল্লিত হৈ থাকে। সক্ৰিয় ৰাজনীতিত থাকিবলৈ কিতাপ অধ্যয়নৰ প্ৰযোজনীয়তা আছে বুলি কয় মন্ত্ৰী গৰাকীয়ে। লগতে নিজৰ সন্তানৰ হাতত কিতাপ তুলি দি গ্ৰন্থ অধ্যয়নৰ অভ্যাস কৰাবলৈ সকলোকে আহ্বান মন্ত্ৰী বিমল বৰাৰ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘The winning team’: Kharge's photo-op with DKS & Siddaramaiah after CM decision
DK Shivakumar had said he accepted the party's ‘power sharing formula’ in the larger...
ऑपरेशन भौकाल‘‘ के तहत डीएसटी व पुलिस थाना रागेश्वरी की बड़ी कार्यवाही टैंकर वाहन मे परिवहन करते, भारी मात्रा में पंजाब निर्मित अंग्रेजी शराब के 388 कार्टन बरामद करने मे सफलता
‘‘ऑपरेशन भौकाल‘‘ के तहत डीएसटी व पुलिस थाना रागेश्वरी की बड़ी कार्यवाही...