আজি ইং ১০-৮-২০২২ তাৰিখ বুধবাৰে "চৰাইদেউ জিলা কবি -চক্ৰ"ৰ উদ্যোগত তৃতীয়খন "কথা আৰু কবিতাৰ আবেলি"-শীৰ্ষক মনোজ্ঞ কথা-কবিতাৰ অনুষ্ঠানটি বিয়লি ৩ বজাত *চফ্ৰাই বাগিচা আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়*ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটিৰ আঁত ধৰে সম্পাদিকা মানসী শইকীয়া ৰাজখোৱাই । সদৌ অসম কবি- চক্ৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত চৰাইদেউ জিলা কবি -চক্ৰৰ মূল উদ্দেশ্য সাহিত্যৰ নীৰৱ সাধনা কৰা ব্যক্তিসকলক এখন সুকীয়া মঞ্চ দিয়া আৰু শিশু প্ৰতিভাক অগ্ৰাধিকাৰ দিয়া । প্ৰতিখন বৈঠকতে নতুনত্ব আনিব বিচৰা "কথা আৰু কবিতাৰ আৱেলি"-অনুষ্ঠানটিত এইবাৰ চাহ বাগিচাৰ লগত জৰিত শ্ৰমিক ভাই-বন্ধুসকলৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ প্ৰয়াস কৰা হয়। লগতে জিলা কবি-চক্ৰৰ বেনাৰত লেখিকা ক্ৰমে ফুলমাই বৰা তথা জিলাৰ সভাপতি ড. ৰীতা দত্তৰ মুঠ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰথমখন ক্ৰমে জিলাৰ কাৰ্যনিৰ্বাহক উপেন্দ্ৰ নাথ বৰাদেৱে আৰু আনখন বেঙেনাবাৰী শাখাৰ সভাপতি , কৃতি শিক্ষক উৎপল কুমাৰ ফুকনদেৱে উন্মোচন কৰে । সভাৰ প্ৰাৰম্ভতে বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপন কৰে সোণাৰি মহাবিদ্যালয়ৰ বুৰঞ্জীবিভাগৰ অধ্যাপক সুশীল চুড়ীদেৱে । গোলকীয় তাপমাত্ৰাৰ বৃদ্ধিয়ে যাতে প্ৰকৃতিক ক্ষতি কৰিব নোৱাৰে আৰু প্ৰাকৃতিক ভাৰসাম্য যাতে অটুট ৰাখিব পাৰে সেই উদ্দেশ্যেৰে চৰাইদেউ জিলা কবি -সাহিত্য চক্ৰই প্ৰতিমাহে এনেদৰে বৃক্ষৰোপনৰ সংকল্প লৈ আহিছে। চৰাইদেউ জিলা কবি -চক্ৰৰ সভাপতি , সোণাৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড. ৰীতা দত্তই পৰিচালনা কৰা এই বৈঠকখনত *কথা আৰু কবিতাৰ আবেলি* নামৰ অনুষ্ঠানটি সঞ্চালনা কৰে চৰাইদেউ জিলাৰ বিশিষ্ট কবি ৰাতুল চেতিয়া ফুকনে । সদৌ অসম কবি -সাহিত্য চক্ৰৰ শীৰ্ষ গীতেৰে শিল্পীসকলে অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰে । শীৰ্ষ গীতৰ সুৰ আৰু কথা-স.অ.ক.সাহিত্য চক্ৰৰ সম্পাদক বিতুমনি গোস্বামীৰ। উক্ত অনুষ্ঠানটিত প্ৰায় অৰ্ধ শতাধিক কবিতাপ্ৰেমী,শিশু শিল্পী, স্থানীয় ৰাইজ তথা চাহ বাগিচাৰ সাহিত্যপ্ৰেমী উপস্থিত থাকে । মুঠ ৫২ গৰাকী সাহিত্যপ্ৰেমীয়ে গীতে-কথাই-কবিতাৰে বিদ্যালয়ৰ প্ৰাংগন জীপাল কৰি তোলে । অনুষ্ঠানটি পাতিবৰ বাবে অনুমতি প্ৰদান কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মামণি গগৈ বাইদেউক তথা বাগিচা কৰ্তৃপক্ষক জিলাৰ সহ- সম্পাদিকা গীতাঞ্জলি সন্দিকৈ আৰু প্ৰচাৰ বিভাগৰ সম্পাদিকা জুৰি মহন্তই কায়িকভাৱে লগ ধৰি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে । শলাগৰ শৰাই প্ৰদান কৰে বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জুলা চেতিয়াই ।

      সভাত অংশগ্ৰহণকাৰী বিশিষ্ট ব্যক্তিসকল আছিল ক্ৰমে উপেন্দ্ৰ নাথ বৰা,উৎপল কুমাৰ ফুকন , পূৰৱী শইকীয়া বৰুৱা,মহেন্দ্ৰ বড়া, ডিম্বেশ্বৰ কোঁৱৰ,গীতাঞ্জলি সন্দিকৈ,স্বপন কৰ,দিগন্ত তাঁতী,সুমন তাঁতী,সাগৰিকা তাঁতী,সুপ্ৰিয়া চুড়ী,প্ৰিয়ানুজ দিহিঙ্গীয়া,জুৰি বৰগোঁহাই দিহিঙ্গীয়া,পাপৰি গগৈ,অঞ্জলি সাউদ,জিতামনি আৰান্ধৰা,মঞ্জুলা চেতিয়া,বীনা ফুকন,ৰুণু সন্দিকৈ,নৰেণ ৰাজখোৱা,অংকিতা শইকীয়া,আৰতি টান্টাবাই,মৃণালী টান্টাবাই,দিপ্তী নায়ক,নীহা ওৰাং,ৰাহুল দাস,মহেশ কূৰ্মী,জোনালী বৰুৱা,দেৱজিত বৰা,তৃষ্ণা মহন,দিপিকা কৰ্মকাৰ,বেবি ইয়েন,ৰঞ্জন টান্টাবাই,পুনম ওৰাং,তহিজুদ্দিন,হেমা বিশ্বাস,ফিদোত হুচেইন,ৰূপেশ তাঁতী,সমীৰ ঘাটোৱাৰ,ক্ষীৰোদ নায়ক,জুমা বিশ্বাস,চাহিন বেগম,পংকজ বাউৰি,ৰুদ্ৰ নায়ক,বিপুল সিং,নিবেদিতা বৰুৱা,সংগীতা চুতীয়া তামুলী,বৰ্ণালী আৰান্ধৰাকে ধৰি আৰু বহু সাহিত্যপ্ৰেমীয়ে।

       চৰাইদেউ জিলা কবি চক্ৰৰ পত্ৰিকা সম্পাদিকা মঞ্জুলা চেতিয়াই সকলোৰে শলাগ লৈ পুনৰ অহামাহৰ দহ তাৰিখৰ বৈঠকলৈ সকলোকে নিমন্ত্ৰণ জনায় ।