ৰহা বজাৰ সাৰ্বজনীন দূৰ্গা মন্দিৰ স্থিত সুবাসৰ বাতৰিত বৃহস্পতিবাৰে দ্বিতীয় বাৰ্ষিক শ্ৰীকৃষ্ণ ৰ মহা ৰাসলীলা উদজাপন কৰা হয় আৰু সুবাসৰ সদস্য সদস্যা সকলৰ অভিনয়ে শতাধিক দৰ্শকক আপ্লুত কৰাৰ লগতে সমস্ত ক্ষেত্ৰ শ্ৰীকৃষ্ণ বন্দনাৰে ভক্তিমূয় কৰি তুলে।

             ২০২২বৰ্ষত ৰহা আঞ্চলৰ যুবক যুৱতী সকল লগ হৈ স্থাপিত কৰা হয় সুবাস।

   সুবাস ৰ দ্বাৰা গত বৰ্ষৰ দৰে এই বৰ্ষও সুবাসৰ উদ্যোগত আৰু ৰহা সমূহ ব্যবসায় সন্থাৰ সৌজন্যত বৃহস্পতিবাৰে পূবা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই ধৰ্মধব্জা উওোলন কৰি এদিনীয়া মহাৰাসৰ শুভাৰম্ভ কৰাৰ লগতে সন্ধ্যা ৯বজাত বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম কুমাৰ দাসে মঞ্চ উদ্বোধন কৰাৰ লগতে উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ব্যক্তি ৰুপে গনেশ হাজৰিকা,বিশ্বজিৎ ভূঞা,  মনিকা দাস,উৎপল বনিয়া, পৰাগ দাস,প্ৰবোধ কলিতা,সন্তৰাম দাস সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে সুবাসৰ ফালৰ সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছত সুবাসৰ সদস্য সদস্যা,যুবক যুবতী সকলৰ দ্বাৰা  শ্ৰীকৃষ্ণ ৰ মহা ৰাসলীলা আয়োজন কৰে।

    মহা ৰাসলীলা ত কংশৰ দ্বাৰা দৈবকী বসুদেব বিবাহ,দৈবকীৰ অষ্টম সন্তানৰ ভয়ত দৈবকী বসুদেবক কাৰাগাৰত প্ৰেৰন ৰ লগতে বাল্য কালত প্ৰভু শ্ৰীকৃষ্ণ ৰ বাল্য লীলা,শ্ৰীকৃষ্ণ ৰ দ্বাৰা পুতনা,বকাসুৰ অসুৰ বধ,কলীয়া নাগ দমন,গৌবৰ্ধন পৰ্বত উঠোবা সহ শ্ৰীকৃষ্ণ ৰ দ্বাৰা গৌপী সকলৰ দ্বাৰা ৰাসলীলা কৰা সহ শ্ৰীকৃষ্ণ ৰ বিভিন্ন লীলা অভিনয় কৰি শতাধিক ৰাইজক আপ্লুত কৰাৰ লগতে মধ্য ৰাতি অসুৰ বধ কৰি মহা ৰাসলীলা ৰ সমাপন কৰাৰ লগতে সমস্ত ক্ষেত্ৰ শ্ৰীকৃষ্ণ বন্দনা ৰে ভক্তিময় কৰি তুলে।