চৰাইদেউত সমাজ কল্যাণ বিভাগৰ পৰ্যবেক্ষণ, তদাৰক আৰু পৰ্যালোচনা সভা সম্পন্ন

******************************************

চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ এখনি জিলা পৰ্যায়ৰ পৰ্যবেক্ষণ, তদাৰক আৰু পৰ্যালোচনা সভা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত যোৱা ২০ জুলাইত অনুষ্ঠিত হয়। জিলা উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছতেই বিষয়াগৰাকীয়ে জিলা সমাজ কল্যাণ বিভাগে ৰূপায়ণ কৰা বিভিন্ন জনকল্যাণকামী আঁচনি আৰু কাৰ্যাৱলীসমূহৰ সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদন উপস্থাপন কৰে। 

সমাজ কল্যাণ বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে তৃতীয় লিংগৰ ব্যক্তি আৰু যৌন কৰ্মীসকলৰ তথ্য সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। সভাত পৰ্যবেক্ষণ, তদাৰক আৰু পৰ্যালোচনা সমিতিৰ কেইবাজনো সদস্য উপস্থিত থাকে । 

নিজৰ বক্তব্যত উপায়ুক্তগৰাকীয়ে চৰকাৰী নিৰ্দেশনা অনুসৰি সমাজ কল্যাণ বিভাগৰ কামসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে পুষ্টিহীনতাত ভোগা শিশুসকলৰ কাৰণে বিশেষ পৰিকল্পনা যুগুত কৰিবলৈ শিশু উন্নয়ণ প্ৰকল্প বিষয়া আৰু মুখ্য সেৱিকাসকলক আহ্বান জনায়। অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃবৈদ্যুতিকীকৰণ নিশ্চিত কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক অনুৰোধ জনায়।

সভাখনত চৰাইদেউ জিলা পৰিষদৰ অধ্যক্ষ বন্তি কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, মহকুমা স্বাস্থ্য বিষয়া ডাঃ জ্যোতি শ্যাম, জেষ্ঠ্য পৰিকল্পনা বিষয়া উদয় কুমাৰ বৰুৱা, যোগান বিভাগৰ সহকাৰী সঞ্চালক লালচন্দ বড়িৰ লগতে কৃষি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ শিশু উন্নয়ণ প্ৰকল্প বিষয়াবৃন্দ প্ৰমুখ্যে বিভিন্ন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায়।