চিলাপথাৰ নগৰৰ সমীপৰ চিলাগাঁওত আৰক্ষীৰ হাতত পৰিল দুই দুৰ্ধৰ্ষ ড্ৰাগচ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দ্বয় হ'ল হিতেশ মিলি (৩০) আৰু ইন্দ্ৰকান্ত পাইত (২৬)। লগত জব্দ হ'ল ৫৪.০৯ গ্ৰাম ড্ৰাগচ আৰু এখন AS06M/5676 নম্বৰৰ ৰঙা ৰঙৰ এল্ট গাড়ী,৬ খন এ টি এম কাৰ্ড আৰু দুটা ম'বাইল ফোন। আৰক্ষীৰ হাতত পৰা হিতেশ মিলিৰ ঘৰ জোনাই আৰু ইন্দ্ৰকান্ত পাইতৰ ঘৰ চিলাপথাৰ নতুন মিচিং গাঁওত। প্ৰাপ্ত খবৰ মতে দীৰ্ঘদিনৰ পৰাই ড্ৰাগছ সৰবৰাহত জৰিত বুলি যুৱক দ্বয়ৰ ওপৰত চকু আছিল আৰক্ষীৰ। মংগলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত চিলাপথাৰৰ পৰা জোনাই দিশে গৈ থকা বুলি আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি পথত তীব্ৰ সতৰ্কতা অৱলম্বন কৰে। অৱশেষত চিলাপথাৰৰ পৰা জোনাই অভিমুখে তীব্ৰ বেগেৰে গৈ থকা সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা ৰঙা ৰঙৰ এল্ট খন খেদি খেদি নি চিলাগাঁও অংশত ধৰিবলৈ সক্ষম হয়। আজি ড্ৰাগচৰ বিৰুদ্ধে চলোৱা আকস্মিক অভিযানৰ নেতৃত্বত আছিল ধেমাজি,জোনাই আৰু চিলাপথাৰৰ আৰক্ষীৰ দল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वाघोलीत विनापरवाना,धोकादायकरित्या खेळणी लावणाऱ्यावर गुन्हा दाखल
गणपतीच्या अनुषंगाने केसनंद फाटा येथे विनापरवाना, धोकादायकरित्या खेळणी लावणाऱ्यावर गुन्हा दाखल...
মাজুলী-যোৰহাট দলং নিৰ্মাণ সন্দৰ্ভত মাজুলীৰ দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰৰ প্ৰতিক্ৰিয়া
মাজুলী-যোৰহাট দলং নিৰ্মাণ সন্দৰ্ভত মাজুলীৰ দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰৰ প্ৰতিক্ৰিয়া
हमेशां स्वस्थ रहने का फार्मूला, How to Satay Always Fit & Healthy || Sanyasi Ayurveda ||
हमेशां स्वस्थ रहने का फार्मूला, How to Satay Always Fit & Healthy || Sanyasi Ayurveda ||
आंतरजिल्हा शिक्षकांच्या बदल्यांना अजूनही मुहूर्त मिळेना
रत्नागिरी : दिवाळीच्या निमित्ताने यंदा १८ दिवस शाळाना सुट्टी असणार आहे. नवरात्री उत्साहात साजरी...