নতুন শিক্ষাৰ্থী সকলক ব্যবস্থা ৰ বিষয়ে জনোৱৰ উদ্দেশ্য আজি ৰহা মহাবিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰ ৰ উদ্যোগত অনুষ্ঠিত হয় Induction প্ৰোগ্ৰাম।

     এই উপলক্ষে দিনৰ ১২বজাত ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাৰ সভাপতিত্বত আৰু কেন্দ্ৰ সমন্বয়ক উওম দাসৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা প্ৰোগ্ৰামত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰ সমূহৰ ডীন ড° দিব্যজ্যোতি মহন্ত আমন্ত্ৰিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি নতুন কৈ নামভৰ্তী কৰা শিক্ষাৰ্থী সকলক সম্বোধন কৰি কেন্দ্ৰ সমূহৰ ব্যবস্থা আৰু উদ্দেশ্য বিষয়ে অবগত কৰে।

          ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা ৰ আদৰনী বক্তব্যৰে আৰম্ভ হোবা অনুষ্ঠানত ৰহা মহাবিদ্যালয় ৰ উপাধ্যক্ষা মনিকা দাস,প্ৰবক্তা লক্ষী প্ৰসাদ মেদক, কেন্দ্ৰ কাৰ্যালয় সহায়ক অভিনন্দন নাথ ৰ লগতে ৰহাৰ লগতে নগাঁও, মৰিগাঁও জিলাৰ বিভিন্ন  প্ৰান্তৰ পৰা অহা ১৫০জন শিক্ষাৰ্থী উপস্থিত থাকে।

       সমন্বয়ক উওম দাসে জানিবলৈ দিয়ে যে ৰহা মহাবিদ্যালয় কেন্দ্ৰত নতুন কৈ নামভৰ্তি কৰা ২৫৫ শিক্ষাৰ্থী সহ মুঠ ১০০৮জন শিক্ষাৰ্থী আছে।