ৰহা হাৰিয়ামুখ স্থিত শ্ৰীশ্ৰী দিহিং সত্ৰত অহাকালি এদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৫২সংখ্যক ৰাস মহোৎসৱ উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে মহিলা যুৱতী।

     ৰাস মহোৎসৱ সূচাৰু পৰিচালনাৰ বাবে শ্ৰীশ্ৰী দিহিং সত্ৰৰ সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামীক মুখ্য পৃষ্ঠপোষক, পুতুকন মুদৈক সভাপতি আৰু দিলীপ ৰাজখোৱা ক সম্পাদক হিচাপে লৈ এখনি ২১ জনীয়া ৰাস মহোৎসৱ উদযাপন সমিতিৰ গঠন কৰা হৈছে।

    কাৰ্য্যসূচী মতে ২৬নবেম্বৰৰ পূবা ৭বজাত উষা কীৰ্তন আৰু পূবা প্ৰসংগৰে শুভাৰম্ভ কৰাৰ লগতে পতাকা উওোলন কৰিব শ্ৰীশ্ৰী দিহিং সত্ৰৰ সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামীয়ে,৯বজাত স্থানীয় ৰাইজৰ দ্বাৰা নগৰ কীৰ্তন,মহিলা ,যুৱতী ৰ দ্বাৰা নাম কীৰ্ত্তন পৰিবেশন ৰ পাছত সন্ধ্যা ৫বজাত বন্তি প্ৰজ্বলন কৰিব পূৰ্ন চন্দ্ৰ বৰা।

    নিশা ৯বজাত স্থানীয় মহিলা আৰু যুৱতী ৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কেলি গোপাল নাট পৰিবেশন কৰা হব।

    আয়োজক সকলে সমূহ ৰাইজৰ উপস্থিতি ৰ কামনা কৰিছে।