সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা চাপৰমুখ অঞ্চলতো আগন্তুক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা ৰজাগাঁও শ্ৰীশ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা ১ডিচেম্বৰত এদিনীয়া কাৰ্য্যসূচীৰে ৩য় বাৰ্ষিক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

      ৰহা ৰজাগাঁও শ্ৰীশ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া উৎসৱ উদযাপন সমিতিৰ সভাপতি পোনাৰাম নাথ,কাৰ্য্যকৰী সভাপতি প্ৰদীপ হাজৰীকা,সম্পাদক জীৱন জ্যোতি বৰদলৈ আৰু সাংস্কৃতিক সম্পাদক ৰুবুল কুমাৰ দাস,অঞ্জু বৰাই জানিব দিয়া মতে ডিচেম্বৰ ৰ পূবা ৮বজাত পতাকা উওোলন, শ্ৰীমদ্ভাগৱত ভ্ৰমনেৰে ৰাস মহোৎসৱ ৰ শুভাৰম্ভ কৰাৰ লগতে ১১ বজাত স্থানীয় ৰাইজৰ দ্বাৰা নাম প্ৰসঙ্গ ৰ পাছত সন্ধিয়া ৬বজাত বন্তি প্ৰজ্বলন কৰিব উদযাপন সমিতিৰ সভাপতি পোনাৰাম নাথে আৰু ৭বজাত শ্ৰীকৃষ্ণ ৰাস ক্ৰীড়া উৎসৱ ৰ উদ্বোধন কৰিব ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ গুনহাস বৰা।

       ৰহা ৰজাগাঁও ৰাস মহোৎসৱ উদযাপন সমিতিয়ে সমূহ ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি একান্ত ভাবে কামনা কৰিছে।