ৰহা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত বিভিন্ন শাখাৰ ৬৫ জনীয়া এটি দল আজি দুপৰিয়া ৰহাৰ হৰিদ্বাৰ যাত্ৰা ৰ বাবে ৰাওনা হয়।

       ৰহা পতঞ্জলি যোগ সমিতি সহ ৰহা,চাপৰমুখ, চৰাইবাহী,বাৰহপূজীয়া সহ বৃহতৰ ৰহাৰ বিভিন্ন পতঞ্জলি যোগ সমিতি শাখাৰ পুৰুষ মহিলা যুবক যুৱতী সহ ৬৫ জনীয়া দল এটি আজি দূপৰিয়া ১২.৩০বজাত তীৰ্থ নগৰী হৰিদ্বাৰলৈ যাত্ৰা আৰম্ভ কৰে।

           ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী ড° লক্ষীধৰ দাসে জানিব দিয়ে যে গুৱাহাটীৰ পৰা ৰেলেৰে যাত্ৰা আৰম্ভ কৰি হৰিদ্বাৰ ত উপস্থিত হৈ যোগ গুৰু বাবা ৰাম দেবক সাক্ষাত কৰি আশিৰ্বাদ লোবাৰ লগতে দুদিনীয়া কাৰ্য্যসূচীৰে বাবা ৰাম দেবৰ লগত যোগাভ্যাক কৰা হব।

     বাবা ৰাম দেবৰ দুদিনীয়া কাৰ্য্যসূচী সমাপন কৰি বিভিন্ন তীৰ্থ স্থল দৰ্শন কৰি অহা ১ডিচেম্বৰত ৰহা আহি পাব।