চিলাপথাৰ ১০ আগষ্টঃ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গৃহ ৰ হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ধেমাজি জিলাৰ চিচিবৰগাওঁ উন্নয়ণ খণ্ডৰ অধীনস্থ শ্ৰীপাণী গাঁৱ পঞ্চায়তৰ সচিব পুতুল গগৈক চিচিবৰগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে ধেমাজি জিলাত। উল্লেখ্য যে প্ৰধান মন্ত্ৰীৰ আবাস যোজনা আঁচনিৰ অধিনত ২০১৯-২০ চনত শ্ৰীপানি গাওঁ পঞ্চায়তৰ পঞ্চায়তটোৰ অধীনৰ ২ নম্বৰ ৱাৰ্ডৰ ৬০ বছাৰীয়া বৃদ্ধা সৰুমাই চাংমাইৰ নামত পিএম এ ৱাই জি ৰ অধীনত এটা গৃহ অনুমোদিত হয় । কিন্তু শ্ৰীপাণী গাওঁ পঞ্চায়তৰ সভানেত্ৰী দিপ্তী গগৈ বৰুৱাই সম্পূৰ্ণ দুৰ্নীতিৰ আশ্ৰয় লৈ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক বেঙুচালী কৰি সৰুমাই চাংমাই ৰ ঘৰৰ প্ৰথম কিস্তিৰ ধন ৩২৫০০ সৰুমাই চাংমাইৰ বিপৰীতে অজ্ঞাত লোকৰ একাউণ্ট নম্বৰত ধনৰাশি ভৰাই দি আত্মসাৎ কৰাৰ চক্ৰান্ত কৰে। কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ হিতাধিকাৰি সৰুমাই চাংমাইয়ে বিষয়টো গম পোৱাত তেওৰ পুত্ৰ বিশ্ব চাংমায়ে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ৩ তাৰিখত শ্ৰীপাণী গাওঁ পঞ্চায়ত সভানেত্ৰী দিপ্তি গগৈ বৰুৱা , চিচিবৰগাওঁ উন্নয়ণ খণ্ড বিষয়া বৰ্ণালী গগৈ , পঞ্চায়ত জিপিচি কুজন দলে আৰু সচিব পুতুল গগৈৰ বিৰুদ্ধে চিলাপথাৰৰ আৰক্ষী থানাত এখন লিখিত এজাহাৰ দাখিল কৰে । চিলাপথাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০/৪০৬/৪০৯ ধাৰাৰ ৪৭/২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰি কালি গধুলি পঞ্চায়ত খনৰ সচিব পুতুল গগৈ ওৰোপে তৰুন গগৈক চিচিবৰগাওঁ আৰক্ষীয়ে আটক কৰে আৰু সুধ পোচৰ অন্তঃত আজি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । ইফালে পঞ্চায়ত খনৰ সভানেত্ৰী দিপ্তী গগৈ বৰুৱা , চিচিবৰগাওঁ উন্নয়ণ খণ্ড বিষয়া বৰ্ণালী গগৈ , পঞ্চায়ত জিপিচি কুজন দলেৰ বিৰুদ্ধে একে গোচৰ পঞ্জীয়ন হৈ আছে থানাত। উল্লেখ্য যে শ্ৰীপাণী গাওঁ পঞ্চায়তত এতিয়া উঠি ৰজা বহি ৰজা হৈ পৰিছে পঞ্চায়ত খনৰ সভানেত্ৰী দিপ্তি গগৈ বৰুৱা । PMAY-G ৰ গৃহৰ নামত যাতে হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ ক্ষেত্ৰত দূৰত থাকিবলৈ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে সুকিয়নি প্ৰদান কৰাৰ পিছতো একাংশ পঞ্চায়ত কৰ্মীয়ে মূখ্যমন্ত্ৰী ৰ ঘোষণাক ভেঙুচালী কৰি pmay-g ৰ আচনি খনক ধন ঘটাৰ মেচিনলৈ ৰূপান্তৰ কৰি পেলাইছিল। এতিয়া কথাটো হ'ল যে কেৱল পঞ্চায়ত সচিবক জেললৈ প্ৰেৰণ কৰিলে হ'ব নে একে গোচৰত অভিযুক্ত চিচিবৰগাওঁ উন্নয়ণ খণ্ড বিষয়া বৰ্ণালী গগৈ , পঞ্চায়ত সভানেত্ৰী দিপ্তি গগৈ বৰুৱা , পঞ্চায়ত জি পি চি কুজন দলে তেওঁলোকৰ ক্ষেত্ৰতো আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব। সেয়া সময়তে হ'ব লক্ষনীয়।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं