১৯৯৪চনৰ ১জানুবাৰীত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ যোবা ৭নবেম্বৰত নব গঠিত জোঙালবলহু শাখা সমিতিৰ আজি দ্বাৰ উন্মোচন আৰু পাঠ্যক্ৰম শুভাৰম্ভ হয়।
এই উপলক্ষে আজি দিনৰ ৩বজাত জোঙালবলহু শাখা সমিতিৰ উপদেষ্টা তথা জ্যেষ্ঠ নাগৰিক খগেশ্বৰ পাতৰৰ সভাপতিত্বত অনুষ্ঠিত হোবা দ্বাৰ উন্মোচন আৰু পাঠ্যক্ৰম শুভাৰম্ভ অনুষ্ঠানত সমাজকৰ্মী কনক মেধিয়ে বন্তি প্ৰজ্বলন আৰু অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক তথা শিশুপ্ৰিয় অবনী কুমাৰ শইকীয়াই ফিতা কাটি দ্বাৰ উন্মোচন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত স্থানিয় কন কন শিশু সকলক চিত্ৰকলা আৰু কবিতা আবৃতিৰ প্ৰশিক্ষন চিত্ৰশিল্পী অবনী কুমাৰ শইকীয়া আৰু চিত্ৰশিল্পী পল্লব হাজৰিকাই দিয়ে।
আজিৰ অনুষ্ঠানত কন কন শিশু সকলে কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰি তুলে।
উদ্বোধন অনুষ্ঠানত খেল সংগঠক তনুৰাম কোঁবৰ, অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান সম্পাদক ৰন্টু মুদৈ,সহকাৰী,সম্পাদক ৰিতু দাস, সাংস্কৃতিক সম্পাদক জয়ন্ত দাস,প্ৰচাৰ সম্পাদক চয়েল খেতান, নব গঠিত ৰহা জোঙালবলহু শাখা সমিতিৰ পৰিচালিকা তথা সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞা, সভানেত্ৰী দ্বিপ্তী সেনাপতি,উপ সভাপতি লক্ষীকান্ত ডেকাৰজা,সম্পাদক দ্বিপজ্যোতি দাস, উপদেষ্টা প্ৰফুল্ল সেনাপতি, বীনা বায়ন,দিঘলীয়াটি জাতীয় বিদ্যালয় ৰ প্ৰধান শিক্ষক ৰাকিব আহমেদ সহ অকনিৰ কবিতা ঘৰ কেন্দ্ৰীয় সমিতি, জোঙালবলহু শাখা সমিতিৰ প্ৰতিনিধি,সদস্য সদস্যা সহ স্থানীয় কন কন শিশু, অবিভাবক,অবিভাবিকা আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।