'শৰৎ কালৰ ৰাত্ৰী অতি বিতোপন ।

ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।

 সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আখৰাত ব্যস্ত হৈ পৰিছে যুবক যুৱতী, জিয়াৰী আৰু বোৱাৰী।

         বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিৰ সমান্তৰাল কে ৰহা বালিপাৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ দ্বাৰা আগন্তুক ২৭ নবেম্বৰৰ পৰা তিনি দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

       বালিপাৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি দেৱলাল কোঁৱৰ, কাৰ্য্যকৰী সভাপতি সৌভন কোঁৱৰ আৰু সম্পাদক মনোহৰ কোঁৱৰ,দ্বীপসিং ডেকাৰজাই জানিব দিয়া অনুসৰি ৰাস মহোৎসৱ প্ৰথম দিন ২৭নবেম্বৰত পূবা ৩বজাত প্ৰভাত ফেৰি,৬বজাত পৰিবেশ নিকাকৰণ, ৭বজাৰ পৰা খোল প্ৰসংগ আৰু ৮.৩০বজাত ধৰ্মধব্বজা উওোলন কৰিব সমিতিৰ সভাপতি দেৱলাল কোঁৱৰ, স্মৃতি তৰ্পন কৰিব বিশিষ্ট সমাজসেবক ধীৰচিং বৰদলৈয়ে।

    তাৰপাছত ৯.৩০বজাৰ পৰা নাম প্ৰসঙ্গ, ১০.৩০বজাত শ্ৰীমদ্ভাগৱত পাঠ,বিয়লী ১.৩০বজাৰ পৰা আইসকলৰ দ্বাৰা দিহানাম পৰিবেশন, বিয়লী ৫বজাত বন্তি প্ৰজ্বলন আৰু নাম প্ৰসঙ্গ ৰ পাছত নিশা ৯বজাৰ পৰা বলোৰাম দাস আৰু মৃদুল দাসৰ পৰিচালনাত অনুষ্ঠিত হব লগা শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা "কেলিগোপাল"ৰ উদ্বোধন কৰিব অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী।উদ্বোধনী অনুষ্ঠানত অতিথি ৰূপে উপস্থিত থাকিব বিশিষ্ট সমাজসেৱক ড° অসীম কুমাৰ দাস।

   ৰাস মহোৎসৱ ৰ দ্বিতীয় দিন ২৮নবেম্বৰত পূবা ৮বজাত পৰিবেশ নিকাকৰণ, ১১বজাৰ পৰা শ্ৰীমদ্ভাগৱত পাঠ,বিয়লী ২বজাৰ পৰা আই সকলৰ দ্বাৰা দিহানাম পৰিবেশন, ৫বজাত বন্তি প্ৰজ্বলন কৰা হব।

       ৰাস মহোৎসৱ ৩য় দিন ২৯নবেম্বৰত পূবা ৭বজাত খোল প্ৰসংগ, পৰিবেশ নিকাকৰণ, ৯বজাত নাম প্ৰসঙ্গ, ১১বজাত শ্ৰীমদ্ভাগৱত পাঠ,বিয়লী ৪বজাত প্ৰসাদ বিতৰণ ৰ পাছত সন্ধ্যা ৫বজাত বন্তি প্ৰজ্বলন ও নাম প্ৰসঙ্গ ৰ পাছত নিশা ৯বজাত বলোৰাম দাস আৰু মৃদুল দাসৰ পৰিচালনাত অনুষ্ঠিত হব লগা অন্কিয়া ভাওনা "অৰ্জুনৰ প্ৰতিজ্ঞা পূৰন"ৰ উদ্বোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।

             বালিপৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিয়ে তিনি দিনীয়া শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতাৰ কামনা কৰিছে।