দিছপুৰৰ জনতা ভৱনত বুধবাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাহ বাগিচাৰ মালিক পক্ষ, শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষান, ডুমডুমা সমষ্টিৰ বিজেপি বিধায়ক ৰূপেশ গোৱালা, কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱনছিং ঘাটোৱাৰ উপস্থিতিত এক পৰ্যালোচনা সভাত<span;> চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। চৰকাৰৰ সিদ্ধান্ত অনুযায়ী এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত ২০৫ টকাৰ পৰা ২৭ টকা বাঢ়ি ২৩২ টকা হয়। ইয়াৰ পিছতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা ই ভিডিঅ বাৰ্তাৰ যোগেদি ক্ষোভ উজাৰি চৰকাৰক অনতিপলমে চাহ শ্ৰমিকৰ মজুৰি ৫২৫ টকালৈ বৃদ্ধিৰ দাবী উত্থাপন কৰে। অন্যথা বাগিচাই বাগিচাই আছাৰ নেতৃত্বত চৰকাৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আছাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেবেন ওৰাংএ। লগতে চৰকাৰ মালিকগোষ্ঠিৰ পক্ষত থিয় নিদি শ্ৰমিকৰ পক্ষত থাকি কাম কৰি যাবলৈ আহ্বান জনাই।