দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ৰাজ্যখনৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সন্মান জনাই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ খাৰুপেটীয়া পৌৰসভাৰ উদ্যোগতো আৰম্ভ হৈছে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ সজাগতামূলক প্ৰদৰ্শন 

আজি খাৰুপেটীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া সীমান্ত বাসুমতাৰী ৰ নেতৃত্বত সভানেত্ৰী , উপসভাপতি , ওৱাৰ্ড কমিছনাৰ সকলে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে নগৰখনৰ 15 নং ৰাষ্ট্ৰীয়পথত হাতে হাতে জাতীয় পতাকা লৈ সমদল উলিয়াই ভাৰত মাতা কি জয় , ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰক আদি শ্লোগান দিয়ে