১২নবেম্বৰ ২০১৮ত স্থাপিত চাপৰমুখ পতঞ্জলি যোগ সমিতিয়ে আজি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে।

    এই উপলক্ষে আজি পূবা প্ৰত্যেক দিনাৰ দৰে যোগসন কৰাৰ পাছত প্ৰতিষ্ঠা দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কৰাৰ পাছত চাপৰমুখ পতঞ্জলি যোগ সমিতিৰ পৃষ্ঠপোষক তথা বিশিষ্ট শিক্ষাবিদ সদ্য প্ৰয়াত জগন্নাথ নাথ ৰ বিদেহী আত্মা চিৰ শান্তি ৰ প্ৰাৰ্থনা কৰে লগতে যোগ সমিতিৰ সদস্যা সকলে নাম কীৰ্তন কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তুলে।

     চাপৰমুখ পতঞ্জলি যোগ সমিতিৰ যোগ শিক্ষক সঞ্জয় কুমাৰ কাকতিয়ে জানিব দিয়ে যে যোগ সমিতিৰ পৃষ্ঠপোষক তথা শিক্ষাবিদ জগন্নাথ নাথ ৰ বিয়োগত প্ৰতিষ্ঠা দিৱস অনুষ্ঠুপিয়াকৈ পালন কৰা হয়।

   প্ৰতিষ্ঠা দিৱস ত জিলা প্ৰভাৰী ৰুপজ্যোতি দেবী, চাপৰমুখ পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী ৰূপালী দেবী,মহামন্ত্ৰী পুষ্পলতা বড়া,সাংগঠনিক মন্ত্ৰী পল্লৱী বৰঠাকুৰ,কোষাধ্যক্ষ পাপৰি বৰুৱা, শিক্ষয়ত্ৰী ইলা দাস সহ পতঞ্জলি যোগ সমিতিৰ সদস্যা উপস্থিত থাকে।