মৰাণৰ বামুণবাৰীত চিকিৎসা কৰে ফাৰ্মাচিৰ স্বত্তাধিকাৰীয়ে । চিকিৎসকৰূপী ফাৰ্মাচিৰ স্বত্তাধিকাৰীৰ ভুল চিকিৎসাত আনকি ৰোগীয়ে মৃত্যু পৰ্যন্ত আকোৱালী ল’বলগীয়া হৈছে ।

ডিব্ৰুগড় জিলাৰ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বামুণবাৰীস্থিত 'ভানু মেডিকেল ষ্টোৰ্চ’ ফাৰ্মাচিৰ স্বত্তাধিকাৰীগৰাকীয়ে কৰা ভূল চিকিৎসাৰ ফলত এগৰাকী ৰোগীয়ে মৃত্যুক সাবতিৱলগীয়া হোৱা ঘটনা পোহৰলৈ আহিছে । যোৱা ৩ নৱেম্বৰত বৰবাম ঘূগুলনি গাঁৱৰ ব্ৰজেন বড়া নামৰ এজন প্ৰায় ৪৭ বছৰীয়া ব্যক্তি অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে সেই দিনা দিনৰ প্ৰায় ১১ বজাত বামুণবাৰীৰ 'ভানু মেডিকেল ষ্টোৰ্চ’ৰ নামৰ ফাৰ্মাচিখনত চিকিৎসকক দেখুৱাৱৰ বাবে লৈ আহে । কিন্তু, ফাৰ্মাচিখনত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক ডাঃ এল কে বৰা সেই সময়ত উপস্থিত নথকাত পৰিয়ালৰ লোকে ৰোগীজনক অন্য চিকিৎসকৰ ওচৰলৈ লৈ যাবলৈ বিচাৰে । সেই সময়তে ফাৰ্মাচিখনৰ কৰ্মচাৰীয়ে আন এজন চিকিৎসকে চাব বুলি ৰোগীজনক চিকিৎসকৰ চেম্বাৰত সোমোৱাই দিয়ে ৷ ইয়াৰ পিছতে 'ভানু মেডিকেল ষ্টোৰ্চ'ৰ স্বত্তাধিকাৰী শংকৰ চাহুৱে ষ্টেথ’চক’প সহ অন্যান্য সা-সৰঞ্জামে ৰোগীগৰাকীক পৰীক্ষা কৰাৰ উপৰি উক্ত চেম্বাৰটোতে এটা চেলাইনো দিয়ে ৷ চেলাইনৰ যোগেদি ৰোগীগৰাকীক দুটাকৈ বেজিও দিয়ে । ভানু মেডিকেল ষ্ট’ৰৰ স্বত্তাধিকাৰীয়ে ফাৰ্মাচিখনৰ পেডত ৰোগীৰ বাবে এখন প্ৰেচক্ৰিপচন প্ৰদান কৰে য’ত ৰোগীয়ে খাবলগীয়া ঔষধৰো নিদান প্ৰদান কৰে আৰু ৰোগীগৰাকীক ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়ে৷ সেই দিনাই বিয়লিলৈ ঘৰলৈ আহি ৰোগীগৰাকীৰ স্বাস্থ্য অধিক অৱনতি হোৱাত উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে ১০৮ ৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা যায় যদিও চিকিৎসকে ৰোগীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷  

ইফালে, মৃত ব্ৰজেন বড়াৰ পৰিয়ালত এতিয়া আন এক কৰুণ পৰিবেশ । ব্ৰজেন বড়াৰ পিতৃও মাত্ৰ কেইদিনমান আগতে স্বৰ্গগামী হৈছিল । শ্ৰাদ্ধ-কাজ কৰিবলৈ যো-জা চলোৱাৰ সময়তে ব্ৰজেন বড়ায়ো মৃত্যুক সাবতি লোৱাত এতিয়া এক শোকাকুল পৰিবেশ । ইফালে ভূল চিকিৎসাৰ বলী হৈ মৃত্যুক সাবতিবলগীয়া হোৱা ঘটনাটোৱে গাঁওখনত তীব্ৰমৰাণৰ বামুণবাৰীত চিকিৎসা কৰে ফাৰ্মাচিৰ স্বত্তাধিকাৰীয়ে । চিকিৎসকৰূপী ফাৰ্মাচিৰ স্বত্তাধিকাৰীৰ ভুল চিকিৎসাত আনকি ৰোগীয়ে মৃত্যু পৰ্যন্ত আকোৱালী ল’বলগীয়া হৈছে ।

ডিব্ৰুগড় জিলাৰ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বামুণবাৰীস্থিত 'ভানু মেডিকেল ষ্টোৰ্চ’ ফাৰ্মাচিৰ স্বত্তাধিকাৰীগৰাকীয়ে কৰা ভূল চিকিৎসাৰ ফলত এগৰাকী ৰোগীয়ে মৃত্যুক সাবতিৱলগীয়া হোৱা ঘটনা পোহৰলৈ আহিছে । যোৱা ৩ নৱেম্বৰত বৰবাম ঘূগুলনি গাঁৱৰ ব্ৰজেন বড়া নামৰ এজন প্ৰায় ৪৭ বছৰীয়া ব্যক্তি অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে সেই দিনা দিনৰ প্ৰায় ১১ বজাত বামুণবাৰীৰ 'ভানু মেডিকেল ষ্টোৰ্চ’ৰ নামৰ ফাৰ্মাচিখনত চিকিৎসকক দেখুৱাৱৰ বাবে লৈ আহে । কিন্তু, ফাৰ্মাচিখনত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক ডাঃ এল কে বৰা সেই সময়ত উপস্থিত নথকাত পৰিয়ালৰ লোকে ৰোগীজনক অন্য চিকিৎসকৰ ওচৰলৈ লৈ যাবলৈ বিচাৰে । সেই সময়তে ফাৰ্মাচিখনৰ কৰ্মচাৰীয়ে আন এজন চিকিৎসকে চাব বুলি ৰোগীজনক চিকিৎসকৰ চেম্বাৰত সোমোৱাই দিয়ে ৷ ইয়াৰ পিছতে 'ভানু মেডিকেল ষ্টোৰ্চ'ৰ স্বত্তাধিকাৰী শংকৰ চাহুৱে ষ্টেথ’চক’প সহ অন্যান্য সা-সৰঞ্জামে ৰোগীগৰাকীক পৰীক্ষা কৰাৰ উপৰি উক্ত চেম্বাৰটোতে এটা চেলাইনো দিয়ে ৷ চেলাইনৰ যোগেদি ৰোগীগৰাকীক দুটাকৈ বেজিও দিয়ে । ভানু মেডিকেল ষ্ট’ৰৰ স্বত্তাধিকাৰীয়ে ফাৰ্মাচিখনৰ পেডত ৰোগীৰ বাবে এখন প্ৰেচক্ৰিপচন প্ৰদান কৰে য’ত ৰোগীয়ে খাবলগীয়া ঔষধৰো নিদান প্ৰদান কৰে আৰু ৰোগীগৰাকীক ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়ে৷ সেই দিনাই বিয়লিলৈ ঘৰলৈ আহি ৰোগীগৰাকীৰ স্বাস্থ্য অধিক অৱনতি হোৱাত উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে ১০৮ ৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা যায় যদিও চিকিৎসকে ৰোগীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷

ইফালে, মৃত ব্ৰজেন বড়াৰ পৰিয়ালত এতিয়া আন এক কৰুণ পৰিবেশ । ব্ৰজেন বড়াৰ পিতৃও মাত্ৰ কেইদিনমান আগতে স্বৰ্গগামী হৈছিল । শ্ৰাদ্ধ-কাজ কৰিবলৈ যো-জা চলোৱাৰ সময়তে ব্ৰজেন বড়ায়ো মৃত্যুক সাবতি লোৱাত এতিয়া এক শোকাকুল পৰিবেশ । ইফালে ভূল চিকিৎসাৰ বলী হৈ মৃত্যুক সাবতিবলগীয়া হোৱা ঘটনাটোৱে গাঁওখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী জনাইছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে ।

 প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী জনাইছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে।