মৰাণত অবৈধভাৱে মাটি খনন কৰি মাটি মাটি কঢ়িওৱা ডাম্পাৰ আবদ্ধ কৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) মৰাণ আঞ্চলিক সমিতিয়ে । মৰাণত অবৈধ ইটাভাটা আৰু অবৈধ মাটি খননে তীব্ৰ ভাবুকি আনিছে জন জীৱনলৈ । কাছমাৰি, দিহাজান, খাগৰিজান, টেটুনবাৰী, ঝলং, ৰঙাগড়া, ডিমৌ ইত্যাদি অঞ্চলত বৰ্তমান পঞ্চাশ (৫০) তকৈয়ো অধিক ইটাভাটা আছে যদিও ইয়াৰে ভিতৰত বহু ইটাভাটা চৰকাৰী নথিপত্ৰবিহীনভাৱে চলি আছে । এই ইটাভাটাসমূহৰ আলম লৈ খেতি পথাৰকে ধৰি বিভিন্ন ঠাইত চলিছে অবৈধ ভাৱে মাটি খনন । ফলত বহু অঞ্চলত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাত সৃষ্টি হৈছে । বাৰিষা মৰণফান্দলৈ পৰিণত হয় এই গাতসমূহ । ইতিমধ্যে বহু পশুধনৰ লগতে মানুহ মৃত্যু মুখত পৰিবলগীয়া হৈছে । ইতিমধ্যে এই সন্দৰ্ভত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই । বৰঞ্চ, ১ নং কাচমাৰিৰ গাঁওবুঢ়া বিজয় খাৰিয়াই চক্ৰ বিষয়াক কোনো অবৈধ খনন কাৰ্য চলা নাই অৱগত কৰিছে । সেয়েহে আজি ১ নং কাচমাৰিত অবৈধভাৱে মাটি খনন কৰি মাটি কঢ়িওৱা ডাম্পা ৰ বহু সময় ধৰি আবদ্ধ কৰি ৰাখে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) মৰাণ আঞ্চলিক সমিতিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વંદે ભારત ટ્રેન 🚇🚆🚅 નું મણીનગર રેલવે સ્ટેશન ઉપર લોકોએ બનાવ્યો વિડિયો જોવો વધુ જાણકારી sms news ઉપર
વંદે ભારત ટ્રેન 🚇🚆🚅 નું મણીનગર રેલવે સ્ટેશન ઉપર લોકોએ બનાવ્યો વિડિયો જોવો વધુ જાણકારી sms news ઉપર
UP Political News: Dhananjay Singh और Akhilesh Yadav के बीच बातचीत का वीडियो वायरल | Aaj Tak News
UP Political News: Dhananjay Singh और Akhilesh Yadav के बीच बातचीत का वीडियो वायरल | Aaj Tak News
चापरमुख गसपाडा माँ वशुंधरी थान में 71वें भौमी एकादशी पर श्रद्धालुओं ने मथा टेक लिया आशिर्वाद।
रोहा के चापरमुख गसपाडा सुंदर पाहाडों की वादियों पर स्थित एतिज्यमंडित माँ वशुंधरी आई थान में गत...
ধলাৰ আৰৈমুৰীয়া গাওঁৰ এগৰাকী ব্যক্তি সন্ধানহীন।
ধলাৰ আৰৈমুৰীয়া গাওঁৰ এগৰাকী ব্যক্তি সন্ধানহীন।
કેન્દ્રીય મંત્રી એ રાજપરા ખોડિયાર માતાજીના દર્શન કર્યા
ભારત સરકારના કેન્દ્રીય મંત્રી દેવસિંહ ચૌહાણ આજે સિહોર નજીક આવેલ રાજપરા ગામેના ખોડીયાર મંદિર ખાત...