দিপাৱলীত আটচবাজী ব্যৱহাৰৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা ‌।

 তিনিচুকীয়া জিলাত নিশা দহ বজাৰ পৰা পুৱা ছয় বজালৈ ফটকা ফুটোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ ।  

চিকিৎসালয় , শিক্ষানুষ্ঠান , আদালত , ধৰ্মীয় স্থানৰ ১০০ মিটাৰ দূৰত্বত ফটকা ফুটোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জিলা প্ৰশাসনৰ ।

ৰাজহুৱা স্থান, ব্যস্ত পথ আদিতো ফুটাব নোৱাৰিব ফটকা । 

 ইফালে ডিগবৈ IOC, LPG বটলিং প্লাণ্ট , ডিগবৈ মাৰ্কেটিং টাৰ্মিনেল আদিৰ পৰা ১ কি.মি. দূৰত্বৰ ভিতৰত ফটকা বিক্ৰী , নিৰ্মাণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা প্ৰদান কৰিছে প্ৰশাসনে ।