বৰ্ষ ১৯০৫ত স্থাপিত ঐতিহ্যমণ্ডিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ ১২০বছৰীয়া জয়ন্তী সমাৰোহ অহা নবেম্বৰত বছৰযোৰা কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে ১০১জনীয়া ১২০ বছৰীয়া জয়ন্তী সমাৰোহ উদযাপন সমিতি আৰু ১৭থন বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰা হৈছে।

     ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ত আজি বিয়লী ৩বজাত ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা তথা ১২০বছৰীয়া জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ডেকা, জ্যেষ্ঠ শিক্ষক মৃগাংক বৰা ৰ উপস্থিত অনুষ্ঠিত সংবাদ মেলত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ তথা ১২০বছৰীয়া জয়ন্তী সমাৰোহ উদযাপন সমিতি ৰ সম্পাদক প্ৰভাত চন্দ্ৰ নাথে সংবাদ মেল সংবোধন কৰি ৯নবেম্বৰ ত অনুষ্ঠিত হব লগা শুভাৰম্ভনী অনুষ্ঠান ৰ বিষয়ে অবগত কৰে।

     সম্পাদক প্ৰভাত চন্দ্ৰ নাথে জানিব দিয়া অনুসৰী নবেম্বৰত পূবা ১০বজাত ১৯৭৪চনত মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান প্ৰাপ্ত মেধাবী ছাত্ৰ হিমাংশু দে ৰ দ্বাৰা বিদ্যালয় ৰ পতাকা উওোলন কৰি বছৰযোৰা কাৰ্য্যসূচীৰে ১২০বছৰীয়া জয়ন্তী সমাৰোহ ৰ শুভাৰম্ভ কৰিব।

  লগতে ১০-৩০বজাত বিদ্যালয় ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ, শিক্ষাগুৰু,কৰ্মচাৰী আৰু শুভকাংশী,বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ১২০গছী বন্তি প্ৰজ্বলন কৰিব।

১০-৪৫বজাত শ্বহীদ তৰ্পন কৰিব শ্বহীদ প্ৰভাত কোঁৱৰৰ কনিষ্ঠ ভাই বিচিত্ৰ কোঁৱৰে,১১বজাত স্মৃতি তৰ্পন কৰিব ১৯৮২চনত ৰহা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত নবম স্থান প্ৰাপ্ত তথা পাবৰগ্ৰীড (ভাৰত চৰকাৰ)ৰ কাৰ্যবাহী সঞ্চালক উপানন্দ কটকী।১১-১৫বজাত বিদ্যালয় স্মৃতি ৰোমন্থন সভা অনুষ্ঠিত হব।ৰহা সমষ্ঠীৰ বিধায়ক শশীকান্ত দাস ৰ দ্বাৰা উদ্বোধন কৰিব লগিয়া সভাত মুখ্য অতিথি ৰুপে সাংসদ প্ৰদ্যুত বৰদলৈ উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি ৰূপে নগাঁও জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ আৰু স্মৃতি ৰোমন্থন সভা ৰ মূল বক্তা ৰুপে উপস্থিত থাকিব ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন ছাত্ৰ তথা ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ গুনহাস বৰা,ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা আৰু বিশিষ্ট লেখিকা তথা প্ৰাক্তন ছাত্ৰী শৰ্মিষ্ঠা প্ৰীতম।

  দুপৰীয়া ১২-১৫বজাত বিদ্যালয় ৰ মেধাবী শিক্ষাৰ্থী সকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব।

  সন্ধিয়া ৫বজাত বিদ্যালয় চৌহদৰ লগতে বৃহতৰ ৰহা অঞ্চলৰ প্ৰতিঘৰ পৰিয়ালৰ পদূলিত বন্তি প্ৰজ্বলন।

   লগতে সংবাদ মেলৰ জৰিয়তে উদযাপন সমিতিয়ে সকলোৰে সহায় সহযোগীতা আৰু উপস্থিতিৰ কামনা কৰিছে।