যোবা ২১আগষ্টত ডিব্ৰুগড় টিংখাংৰ পৰা চাইকেলেৰে পৰিবেশ সুৰক্ষা ৰ উদ্দেশ্য আগত ৰাখি লেহ লদ্দাখলৈ যাত্ৰা আৰম্ভ কৰা ডিব্ৰুগড় টিংখাংৰ অভিলেখ সন্দিকৈ আৰু প্ৰভাত তাঁতী লেহ লদ্দাখ ভ্ৰমন কৰি ৭২ দিনৰ পাছত আজি সন্ধিয়া ৰহাত উপস্থিত হৈ আৰু ৰহা বজাৰ স্থিত সুবাস নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সদস্য সকলে যুৱক দ্বয়ক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা লগতে যুৱক দুজনৰ পদক্ষেপ ৰ প্ৰশংসা কৰে।
যুবক দুজনে ৰাতি ৰহাতে থাকি পুৱা ডিব্ৰুগড় লৈ যাত্ৰা আৰম্ভ কৰিব বুলি জানিব দিয়ে।