অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক দামবৃদ্ধিয়ে সকলোকে ত্ৰাহিমধুসুধন দেখাইছে। সামগ্ৰীৰ দাম বৃদ্ধিৰ এইবাৰ প্ৰভাৱ পৰিছে অসমৰ ছাত্র-ছাত্ৰীৰ ওপৰত। সেই অনুসৰি নৱম আৰু দশম শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী সকলৰ পৰীক্ষাৰ মাচুল পূৰ্বৰ ৭০ টকাৰ পৰা ১২০ টকালৈ বৃদ্ধি কৰা হৈছে।
অসমৰ মাধ্যমিক শিক্ষা বিভাগৰ সচিব ভাৰত ভূষণ দেৱচৌধুৰীয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ছপা সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ বাবেই পৰীক্ষাৰ মাচুল বঢ়াই দিয়া হৈছে।
নৱম আৰু দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীয়ে ছমাহিলী, বছৰেকীয়া আৰু প্রি-বৰ্ড পৰীক্ষাৰ মাচুল এতিয়াৰ পৰা ৭০ টকাৰ পৰিবৰ্তে ১২০ টকাকৈ দিব লাগিব।