আজি মহাসপ্তমী,সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখত আজি মা দূৰ্গা ৰ সপ্তম স্বৰূপ মা কাতয়ানী ৰ পুজা অৰ্চনাৰে ভক্তিময় হৈ পৰে।

           শুক্ৰবাৰে মহাষষ্টী বেলবৰন,কলহ স্থাপনেৰে মা দুৰ্গা ক বেদিত প্ৰতিষ্ঠা কৰাৰ লগে লগে চাৰিদিনীয়া শাৰদীয় দুৰ্গোৎসব ৰ শুভাৰম্ভ হয় আৰু আজি দ্বিতীয় দিন মহাসপ্তমীত পূবাৰে পৰাই বৃহতৰ ৰহা,চাপৰমুখৰ বিভিন্ন পুজা মণ্ডপত পুৰোহিত ৰ দ্বাৰা বৈদিক মন্ত্ৰচাৰনেৰে মহাসপ্তমী বিহিত পূজা অৰ্চনা কৰাৰ লগতে বিভিন্ন পুজা সমিতিৰ দ্বাৰা কলং নদীৰ পৰা কলহত জললৈ শুভাযাত্ৰা ৰে মণ্ডপত উপস্থিত হোবাৰ লগতে পুৰোহিতৰ মন্ত্ৰচাৰনেৰে মহাসপ্তমী বিহিত পূজা অৰ্চনা কৰাৰ লগতে সমিতিৰ বিষয় ববিয়া সকলৰ লগত উপস্থিত ভক্ত সকলে মা দুৰ্গাৰ শ্ৰীচৰনত বন্তি প্ৰজ্বলন কৰি পুজা অৰ্চনা কৰাৰ লগতে সমস্ত ক্ষেত্ৰ মাৰ জয়ৰে ভক্তিময় কৰি তুলে।এইবাৰ ৰহা নগৰৰ মাজমজিয়াত ৪ খন,চাপৰমুখ টাউনত ৯ খন,বামুনীজানত ১খন,সৰিয়তুলিত ১খন,বাৰহপূজীয়া ত ১খন,ৰহা দিঘলদৰীত দিঘলদৰীত ১খন,ফুলগুৰি ত ১খন,আমচৈত ২খন পুজা উদযাপন সমিতিৰ দ্বাৰা পুজা অনুষ্ঠীত কৰা হৈছে।অহাকালি মহা অষ্টমী বিহিত পূজা অৰ্চনা কৰা হব।এই বৰ্ষ ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে উওৰাখন্ডৰ কেদাৰনাথ মন্দিৰ আৰ্হিত পুজা পেণ্ডেল নিৰ্মাণ কৰাৰ লগতে ৰহা জ্যোতি সংঘ দুৰ্গা পুজা উদযাপন সমিতিয়ে ৪০ ফুট উচ্চতাৰ শংখ চক্ৰ গদ্দা পদ্ম ৰ নিৰ্মান কৰি ভক্ত সকলক আকৰ্ষিত কৰিছে।