কোনো তথ্য নোহোৱাকৈ এটা নিউজ চেনেলে বাতৰি সম্প্ৰচাৰ কৰি মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে খোৱাঙৰ এজন যুৱকে । শেনচোৱাপুখুৰীৰ পদুমনি চেতিয়া গাঁৱৰ দ্বীপ কমল ফুকনে খোৱাং চাৰিআলিত এক সংবাদমেল আয়োজন কৰি প্ৰচাৰিত বাতৰিটোক লৈ দুখ প্ৰকাশ কৰিছে । সংবাদমেলত যুৱকজনে সদৰি কৰা অনুসৰি তেওঁ ২০১৭ চনতে চাউল কেলেংকাৰিৰ সন্দৰ্ভত অভিযুক্ত হৈ আদাতৰ দ্বাৰস্থ হৈছিল । কিন্তু সেই অভিযোগ আদালতে ২০২১ চনত খণ্ডন কৰি যুৱকজনক যাৱতীয় নথি হাতত দিছিল । সংবাদমেলত আদালতৰ সেই নথি প্ৰদৰ্শন কৰে যুৱকজনে । বাতৰিত সম্প্ৰচাৰিত হোৱা মাটি ক্ৰয় সন্দৰ্ভত যুৱক জনে মাটি ক্ৰয় কৰাৰ সময়ত থকা সাক্ষী গৰাকীকো সাংবাদিকৰ আগত চিনাকি কৰি দি সত্যতা দাঙি ধৰে । উল্লেখযোগ্য যে উক্ত অঞ্চলটোত খালী হৈ গাওঁপ্ৰধান পদৰ বাবে যুৱকজনে আবেদন কৰিছে । তেনে স্থলত এনে কিছুমান মিচা অভিযোগে যুৱকজনক মানসিক ভাৱে হাৰাশাস্তি কৰিছে বুলি সংবাদমেলত সদৰি কৰে ।
মিছা তথ্যৰে বাতৰি সম্প্ৰচাৰ কৰি খোৱাঙৰ যুৱকক হাৰাশাস্তিৰ অভিযোগ । প্ৰচাৰিত বাতৰিৰ সন্দৰ্ভত সংবাদমেল

