ৰহা দীঘলদৰি শ্ৰীশ্ৰী বামন গোঁসাই থানত উনবিংশ বাৰ্ষিক শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

         শ্ৰীশ্ৰী দূৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি বুলন চন্দ্ৰ নাথ আৰু সম্পাদক নেত্ৰমণি নাথে জানিব দিয়ে যে প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষ দীঘলদৰি স্থিত সাৰ্বজনীন দূৰ্গা মন্দিৰ, শ্ৰীশ্ৰী বামন গোঁসাই থান প্ৰাঙ্গনত উনবিংশ বাৰ্ষিক শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

          ২০অক্টোবৰত শাৰদীয় দুৰ্গা পুজাৰ মহা ষষ্ঠী কলহ স্থাপনেৰে চাৰিদিনীয়া শ্ৰীশ্ৰী দূৰ্গা পূজা ৰ শুভাৰম্ভ কৰা হব।

    দ্বিতীয় দিন ২১ অক্টোবৰ মহাসপ্তমী কলহ স্থাপন,নবপত্ৰীকা প্ৰবেশ ৰ পাছত বিয়লী ৩বজাত পূব সৰাগাঁও নামতি দলৰ দ্বাৰা নাম পৰিবেশন, সন্ধিয়া ৬বজাৰ পৰা নিশা ১০ বজালৈ সাংস্কৃতিক সন্ধ্যা অনুষ্ঠান অনুষ্ঠিত হব‌ ।

      ২২অক্টোবৰ মহাসপ্তমী কলহ স্থাপন, পুজা অৰ্চনা ৰ পাছত বিয়লী ৪.৪৫মিনিটত সন্দ্ধি পূজা আৰু সণ্দ্ধিয়া ৬বজাৰ পৰা বনমালী নামতি দল,মিকিৰভেটা ৰ দ্বাৰা দিহানাম পৰিবেশন।

     মহা অষ্টমী ২৩ অক্টোবৰ ত মহা নবমী কল্পাৰম্ভ আৰু পূজা অৰ্চনা কৰাৰ পাছত পূবা ১১বজাত হোম যজ্ঞ,কুমাৰী পূজা আৰু বিয়লী ৫বজাৰ পৰা জয়গুৰু শিল্পী সমাজ, মৰিগাঁও নামতি দলৰ দ্বাৰা দিহানাম পৰিবেশন কৰা হব।

   ২৪অক্টোবৰ মহা দশমী ত দশমী বিহিত পূজা,অপৰাজিতা পূজা, পূজা সমাপন আৰু দেৱী বিসৰ্জন কৰা হব।

        চাৰি দিনীয়া শাৰদীয় দুৰ্গা পুজা সুচাৰু পৰিচালনা ৰ বাবে ৰহা ৰ জ্যেষ্ঠ সাংবাদিক বুলন চন্দ্ৰ নাথক সভাপতি, নেত্ৰমনি নাচৰ সম্পাদক, বিজয় কুমাৰ নাথক কাৰ্যকৰী সভাপতি, চিদ্দানন্দ নাথ,বিনয় কুমাৰ নাথক যুটীয়া সম্পাদক হিচাপে লৈ এখন উনবিংশ বাৰ্ষিক শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পুজা উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰা হৈছে।