আজি শুভ মহালয়া, মহিশাসুৰ মৰ্দনী আজি নামি আহিছে ধৰালৈ।

    মহালয়া উপলক্ষে আজি পূবা ৪বজাৰ পৰা বৃহতৰ ৰহা,চাপৰমুখৰ বিভিন্ন দূৰ্গা পূজা উৎসব উদযাপন সমিতিৰ দ্বাৰা মাৰ পেণ্ডেলত বন্তি প্ৰজ্বলন কৰি পূজা অৰ্চনা কৰাৰ লগতে চণ্ডীপাঠ শ্ৰবন কৰে।

     মহালয়া উপলক্ষে আজি পূবা ৪বজাৰ পৰা ৰহাৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক ভক্ত সকলে প্ৰাত:ভ্ৰমন কৰাৰ লগতে সমস্ত ক্ষেত্ৰ দূৰ্গা মাৰ জয়ৰে ভক্তিময় কৰি তুলে।

      ৰহা বজাৰ সাৰ্বজনীন দূৰ্গা পূজা উৎসব উদযাপন সমিতিৰ দ্বাৰা প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও মহালয়াৰ পূবাত ৰহা বিভিন্ন প্ৰান্তৰ ৰাস্তা ঘাটে ৰাখিথৈ দিয়া বিভিন্ন প্ৰতিমা সমূহ একত্ৰিত কৰি ৰহা পুৰনাচাৰিআলী স্থিত কলং নদীত বিসৰ্জন কৰে।

         অহা ২০ অক্টোবৰৰ পৰা মহাষষ্টী কলহ স্থাপনেৰে চাৰি দিনীয়া শাৰদীয় দুৰ্গোৎসবৰ শুভাৰম্ভ হব আৰু ৰহা, চাপৰমুখ অঞ্চলৰ বিভিন্ন দূৰ্গা পূজা উৎসব উদযাপন সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হোবাৰ লগতে এই বৰ্ষ ৰহা পুৰনাচাৰিআলী দুৰ্গোৎসব সমিতিয়ে ৰূপালী জয়ন্তীৰ উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে কেদাৰনাথ ধামৰ আৰ্হিত মাৰ পেণ্ডেল নিৰ্মান কৰাৰ লগতে ৰহা ৩৬তম্ বাৰ্ষিক জ্যোতি সংঘ দুৰ্গা পূজা সমিতিৰ মুখ্য আকৰ্ষণ হব শংখ চক্ৰ গদ্দা পদ্ম।