সমাগত শাৰদীয় দুৰ্গাপূজা । প্ৰতিবছৰৰ দৰে শাৰদীয় দুৰ্গাপূজাত এইবাৰো চমক দিয়াৰ প্ৰয়াস কৰিছে ঢকুৱাখনাৰ সাৰ্বজনীন মিলন মন্দিৰৰ দুৰ্গা পূজাই । ঢকুৱাখনা নগৰৰ অন্যতম পুৰণি আধ্যাত্মিক অনুষ্ঠান সাৰ্বজনীন মিলন মন্দিৰৰ সৌজন্যত বেংগলী সাংস্কৃতিক সংঘৰ উদ্যোগত পূৰ্বৰ দৰে এইবাৰো পৰম্পৰাগত ভাবে আম্বেদকাৰ ভৱনৰ সমীপৰ টাউন তিনিআলিত উদযাপন কৰিব ৫১ তম শ্ৰীশ্ৰী দুৰ্গা পূজা । প্ৰস্তুতি ইতিমধ্যে তুংগত কৰি তুলিছে পূজা সমিতিয়ে ৷ ইপিনে আয়োজক সমিতিয়ে জানিবলৈ দি কয় যে- মিলন মন্দিৰৰ এই পূজা ভাগি মন্দিৰ প্ৰাংগণত অহা ২০ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হব ৷ লক্ষাধিক টকা বাজেট গ্ৰহণ কৰি উদযাপন সমিতিয়ে আৰতি ,উৰুলী ,শংখ বাদন আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দি পূজাৰ সকলো দিনৰ কাৰ্যসূচীত ভক্ত প্ৰাণ দৰ্শক ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । ইফালে পূজাৰ দিনকেইটাত ভক্ত সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিৰণি চৰা, বিশুদ্ধ খোৱা পানী, খাদ্য আৰু জৰুৰী চিকিৎসা সেৱাৰো সু-ব্যৱস্থা কৰিছে মন্দিৰৰ প্ৰাংগনত ৷ ইয়াৰ সমান্তৰালভাৱে মহকুমাটোৰ ঐতিহ্য মণ্ডিত শক্তি পীঠ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয় (গোসাঁনী থান) বিগত শতিকা জোৰা নিৰবিচ্ছিন্ন পৰম্পৰা অব্যাহত ৰাখি এই বছৰো ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে । ১৭২২ খ্ৰীষ্টাব্দৰ পৰা শাক্ত পন্থাৰে, বলি বিধানেৰে অব্যাহত থকা দেৱী পূজনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি চলিত বৰ্ষটো হাঁহ ,ছাগলী , মহ আদিৰ বলিৰে শক্তিৰ অধিষ্ঠিত অধিষ্ঠাত্ৰী দেৱীৰ বন্দনা কৰা হব বুলি অভ্যৰ্থনা সমিতিয়ে জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Exit Poll Results: Rajasthan से CM Ashok Gehlot के लिए खुशखबरी, कांटे की टक्कर के साथ बढ़त | Aaj Tak
Exit Poll Results: Rajasthan से CM Ashok Gehlot के लिए खुशखबरी, कांटे की टक्कर के साथ बढ़त | Aaj Tak
बाबा रामदेव कमेटी ने पूर्व मंत्री आंजना का किया स्वागत अभिनन्दन
निम्बाहेड़ा
फ़रीद खान
भादवा बीज के अवसर निकाली गई शोभायात्रा एवं अखाड़ा प्रदर्शन में पूर्व सहकारिता...
Sikkim: एसडीएफ पार्टी छोड़ने वाले विधायकों ने बताया किसने भाजपा में करवाया था शामिल
गंगटोक, भारतीय जनता पार्टी (भाजपा) के तीन विधायक फरवंती तामांग, केएस लेप्चा और राजकुमारी...
Rift between Anupam and Boman ? | Tv9News
Rift between Anupam and Boman ? | Tv9News
કડાણા ડેમમાંથી 1.20 લાખ ક્યુસેક પાણી છોડાતા તાલુકાના છ ગામોને એલર્ટ જાહેર કરાયા.
તાલુકાના મહીસાગર નદી કિનારાના ગામો શીલી, અહીમા, સુંદલપુરા, ખોરવાડ, પ્રતાપપુરા અને ધોળીની જાહેર...