দৰং জিলাৰ ব্যৱসায়িক নগৰ খাৰুপেটীয়াত জিলাখনৰ ভিতৰতে প্ৰত্যেক বছৰত সৰ্বাধিক পুজা আয়োজন হয়। অইন বছৰৰ দৰে এইবোৰ নগৰখনত ৫০ ৰো অধিক পূজা মণ্ডপ আয়োজনৰ প্ৰস্তুতি চলি আছে বুলি জানিব পৰা গৈছে। খাৰুপেটীয়া নগৰৰ বাৰুৱাৰী পূজা মন্দিৰ সভা কক্ষত মঙ্গলবাৰে আগন্তুক দুৰ্গা পূজা উপলক্ষে অনুষ্ঠিত হয় এখন বিশেষ সভা। সভাখনত দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুঞ্জলাল পাটাৰ, দলগাওঁ ৰাজহ চক্ৰ বিষয়া সমীৰ চৌধুৰী, খাৰুপেটীয়া পৌৰসভাৰ পৌৰনেত্রী কৃষ্ণা সাহা, খাৰুপেটীয়া আৰক্ষী থানাৰ পৰিদৰ্শক মনোৰঞ্জন গগৈ, পৌৰসভাৰ সকলো খণ্ড আয়ুক্ত সকল, বিষয়া কৰ্মচাৰীৰ লগতে খাৰুপেটীয়া নগৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। সভাত উপস্থিত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক কুঞ্জলাল পাটাৰ আৰু খাৰুপেটীয়া থানাৰ পৰিদৰ্শক মনোৰঞ্জন গগৈয়ে আগন্তুক দুৰ্গা পূজা সময়ত সকলো পূজা কমিটিয়ে প্ৰশাসনৰ অনুমতি লোৱা, নিশা ১০ বজাৰ পিছত উচ্চ স্বৰত মাইক বজোৱা নিষেধ, যান- বাহন, ই ৰিক্সা চলাচল ক্ষেত্ৰত নিয়ম নীতি পালন, প্ৰত্যেক পূজা মণ্ডপত চি চি টিভি কেমেৰা লগোৱা আদি বিভিন্ন চৰকাৰী নীতি নিৰ্দেশনাৰ বিষয়ে আলোচনা কৰে। সভাত উপস্থিত গণ্য মান্য ব্যক্তি সকলে আগন্তুক দুৰ্গা পূজা শান্তিপূৰ্ণ ভাৱে উদযাপন কৰিবলৈ সকলোকে আহ্বান জনায়। সভাত পুৰণি পৰিচালনা কমিটি ভংগ কৰি মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া, দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, মীন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাক মুখ্যপৃষ্ঠপোষক, দৰং জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে  আৰু আৰক্ষী অধীক্ষক প্রকাশ সোণোৱালক মুখ্য উপদেষ্টা, পৌৰনেত্ৰী কৃষ্ণা সাহাক সভানেত্ৰী, অখিল চন্দ্ৰ সাহাক কাৰ্যকৰী সভাপতি, পৱন কুমাৰ ঝাঁ আৰু সুৰজিৎ সাহাক উপ সভাপতি, বিজু সাহাক সাধাৰণ সম্পাদক হিচাপে ৰাখি  বৃহত্তৰ খাৰুপেটীয়া কেন্দ্ৰীয় দূৰ্গা পূজা পৰিচালনাৰ নতুন কমিটি গঠন কৰা হয়।