চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত সৰ্বোদয় গাওঁপঞ্চায়তত আজি অনুষ্ঠিত হয় অমৃত কলহ যাত্ৰা । এই যাত্ৰাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে। দোমৰদলংৰ পৰা ওলোৱা এই যাত্ৰাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। আৰু এই যাত্ৰাত অংশগ্ৰহণ কৰি ৰাজহ মন্ত্ৰী যোগেন মহনে আগন্তুক পাঁচ ৰাজ্যত হ'ব লগীয়া নিৰ্বাচনত বিজেপিয়ে জয়ী হব বুলি মন্তব্য কৰে। লগতে কয় যে বিজেপিয়ে এতিয়া নিৰ্বাচনত প্ৰচাৰ চলাবলৈ দৰকাৰ নাই কিয়নো দেশবাসীয়ে এতিয়া বিজেপিক আদৰি লৈছে নৰেন্দ্ৰ মোডীক আদৰি লৈছে, বিৰোধী যিমান এক লগ হওক ৰাইজ বিজেপিৰ লগত আছে বুলি মন্তব্য কৰে। লগতে ইয়াকো কয় যে বাকী দল সমূহৰ কোনো নেতা নাই, মত নাই গতিকে সকলো নিৰ্বাচনত বিজেপি জয়ী হবই বুলি উল্লেখ কৰে মন্ত্ৰী যোগেন মহনে।