জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালত এক নতুন ৰক্ত কণিকাৰ পৃথকীকৰণ গোট পাৱাৰ গ্ৰীড কৰ্প’ৰেচনৰ অৰ্থ সাহাৰ্য্যত নিৰ্মাণ কৰা হ’ব ৷ উল্লেখযোগ্য যে, ১.৪৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া গোটটোৰ সমুদায় ধন পাৱাৰ গ্ৰীড কৰ্প’ৰেচনে ঔদ্যোগিক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰদান কৰিব ৷ এই সন্দৰ্ভত জিলা স্বাস্থ্য সমিতিয়ে ৬ অক্টোবৰ, শুক্ৰবাৰে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আয়োজিত এক অনুষ্ঠানত পাৱাৰ গ্ৰীড কৰ্প’ৰেচনৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ অধ্যক্ষ তথা জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে পাৱাৰ গ্ৰীড কৰ্প’ৰেচনৰ শীৰ্ষ বিষয়া চিন্তু কুমাৰ পালৰ উপস্থিতিত এই চুক্তি সম্পাদন কৰে ৷ লগতে এই ৰক্ত কণিকাৰ পৃথকীকৰণ গোটৰ নিৰ্মাণ ১২ মাহত সম্পূৰ্ণ কৰা হ’ব বুলি পাৱাৰ গ্ৰীড কৰ্প’ৰেচনে জানিবলৈ দিছে ৷ আনহাতে এই গোটটো হৈ উঠাৰ পাছত শিৱসাগৰ জিলাৰ লগতে দাতিকাষৰীয়া অঞ্চলৰ ৰাইজো বিশেষভাৱে উপকৃত হ’ব বুলি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ভূপেন্দ্ৰ কুমাৰ দাসে আশা ব্যক্ত কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हिमाचल में धूप के साथ खिला पर्यटन, छुट्टियों पर भारी संख्या में शिमला-मनाली पहुंच रहे पर्यटक
मौसम में आए बदलाव के कारण हिमाचल में धूप के साथ पर्यटन भी खिलने लगा है। तीन दिन के अवकाश के चलते...
News
ঢকুৱাখনাত পৃথিয়াল নৱজ্যোতি সাংস্কৃতিক মিলন সংঘৰ উদ্যোগত ২৪ সংখ্যক ব’হাগী উৎসৱ আৰু অভিনন্দন...
बाल विवाह की रोकथाम के लिए दलों का गठन
देव उठनी एकादशी एंव अन्य अवसरों पर समाज में प्रचलित बाल विवाह की कुरीति की रोकथाम के लिए...
सोनारी टाऊका चाय बगीचे में कर्मरत युवक का हाथ मशीन के अंदर घुस जाने से गंभीर रूप से जख्मी
सोनारी टाऊका चाय बगीचे में कर्मरत युवक का हाथ मशीन के अंदर घुस जाने से गंभीर रूप से जख्मी युवक 10...
પોરબંદરમાં આંખનો નિઃશુલ્ક મેગાનિદાન અને નેત્રમણી કેમ્પ યોજાયો
સેવા એજ સંગઠનના સૂત્રને યથાર્થ કરતા ભારતીય જનતા પાર્ટી અને રાજયની નંબર એક આંખની હોસ્પિટલ...