জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালত এক নতুন ৰক্ত কণিকাৰ পৃথকীকৰণ গোট পাৱাৰ গ্ৰীড কৰ্প’ৰেচনৰ অৰ্থ সাহাৰ্য্যত নিৰ্মাণ কৰা হ’ব ৷ উল্লেখযোগ্য যে, ১.৪৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া গোটটোৰ সমুদায় ধন পাৱাৰ গ্ৰীড কৰ্প’ৰেচনে ঔদ্যোগিক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰদান কৰিব ৷ এই সন্দৰ্ভত জিলা স্বাস্থ্য সমিতিয়ে ৬ অক্টোবৰ, শুক্ৰবাৰে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আয়োজিত এক অনুষ্ঠানত পাৱাৰ গ্ৰীড কৰ্প’ৰেচনৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ অধ্যক্ষ তথা জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে পাৱাৰ গ্ৰীড কৰ্প’ৰেচনৰ শীৰ্ষ বিষয়া চিন্তু কুমাৰ পালৰ উপস্থিতিত এই চুক্তি সম্পাদন কৰে ৷ লগতে এই ৰক্ত কণিকাৰ পৃথকীকৰণ গোটৰ নিৰ্মাণ ১২ মাহত সম্পূৰ্ণ কৰা হ’ব বুলি পাৱাৰ গ্ৰীড কৰ্প’ৰেচনে জানিবলৈ দিছে ৷ আনহাতে এই গোটটো হৈ উঠাৰ পাছত শিৱসাগৰ জিলাৰ লগতে দাতিকাষৰীয়া অঞ্চলৰ ৰাইজো বিশেষভাৱে উপকৃত হ’ব বুলি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ভূপেন্দ্ৰ কুমাৰ দাসে আশা ব্যক্ত কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अनियंत्रित होकर पलटा ऑटो
एक दर्जन से अधिक लोग घायल-
सगरा घाटी में घटी घटना, ऑटो चालक ऑटो लेकर फरार
सलेहा थाना अंतर्गत ऑटो चालकों की मनमानी प्रतिदिन बढ़ती जा रही है, जिसको जिला...
Mukesh Sahani के पिता की हत्या पर बोले Bihar के Deputy CM Samrat Chaudhary, किसी को बख्शा नहीं जाएगा
Mukesh Sahani के पिता की हत्या पर बोले Bihar के Deputy CM Samrat Chaudhary, किसी को बख्शा नहीं जाएगा
આમોદ નેશનલ હાઇવે ઉપર કેમિકલ વેસ્ટની થેલીઓ જોવા મળતાં પર્યાવરણ પ્રેમીઓમાં રોષ
આમોદ નેશનલ હાઇવે ઉપર કેમિકલ વેસ્ટની થેલીઓ જોવા મળતાં પર્યાવરણ પ્રેમીઓમાં રોષ
ભાજપા મહિલા મોરચા દ્વારા આયોજન
#buletinindia #gujarat #vadodara
প্ৰতি বছৰে ১৭ তাৰিখে বিশ্বকৰ্মা পূজা পালিত হয়! এইবাৰ বিশ্বকৰ্মা পূজা ১৮ তাৰিখে কিয় পালিত হ’ব?
বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। বিশ্বকৰ্মা পূজা মানেই দূৰ্গা পূজাৰো আগমন। এইবাৰ...