বৃহতৰ ৰহা চাপৰমুখ ত আগন্তুক শাৰদীয় দূৰ্গোৎসবৰ বিভিন্ন সমিতিৰ দ্বাৰা প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা নগৰৰ মাজমজিয়াত ৰহা সাৰ্বজনীন দূৰ্গা পূজা সমিতি,ৰহা ৰহদৈ বাৰোবাৰী যুব মঞ্চ,ৰহা জ্যোতি আৰু ৰহা পুৰনাচাৰিআলী দুৰ্গা পূজা উৎসব উদযাপন সমিতিৰ দ্বাৰা ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।

        অহা ২০ অক্টোবৰ মহাষষ্টী কলহ স্থাপনেৰে চাৰি দিনীয়া কাৰ্য্যসূচীৰে শাৰদীয় দূৰ্গোৎসবৰ শুভাৰম্ভ কৰা হব।

   এই বৰ্ষ ৰহা পুৰনাচাৰিআলী দুৰ্গা পূজা উৎসব উদযাপন সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ উল্লহ মালহেৰে পালন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা ৰ লগতে তীৰ্থ স্থল কেদাৰনাথ ধামৰ আৰ্হিত মা ৰ দৰবাৰ প্ৰস্তুত কৰাৰ বাবে নিৰ্মান কাৰ্য্য প্ৰাৰম্ভ কৰা হৈছে।

   ইয়াৰ লগতে ৰহা বজাৰ স্থিত সাৰ্বজনীন দূৰ্গা পূজা মণ্ডপত ৰহা সাৰ্বজনীন দূৰ্গা পূজা সমিতি আৰু ৰহা হিন্দুস্তানী শিব মন্দিৰত ৰহা বাৰোবাৰী যুব মঞ্চ সমিতিৰ দ্বাৰা প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ত ৩৬তম্ বৰ্ষত ভৰি দিয়া ৰহা জ্যোতি সংঘই ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে জ্যোতি সংঘ দুৰ্গ পূজা উৎসব উদযাপন সমিতিৰ শাৰদীয় দুৰ্গোৎসবৰ মুখ্য আকৰ্ষণ হব ৪০ ফুট উচ্চতাৰ শংখ-চক্ৰ-গদ্দা-পদ্ম।ইতিমধ্যে নিৰ্মাণ কাৰ্য্য প্ৰাৰম্ভ কৰা হৈছে।

    ইয়াৰ লগতে দুৰ্গ পূজা সূচাৰু পৰিচালনা ৰ বাবে ভাস্কৰজ্যোতি বৰাক সভাপতি, পিনাকী ৰঞ্জন আচাৰ্য ক কাৰ্য্যকৰী সভাপতি আৰু ৰাজীৱ কুমাৰ নাথ,পংকজ বৰদলৈক সম্পাদক হিচাপে লৈ এখন শক্তিশালী দুৰ্গা পূজা উৎসব উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰা হৈছে।

    উদযাপন সমিতিয়ে জানিব দিয়া মতে অহা ২০ অক্টোবৰত পূবা মহাষষ্টী কলহ স্থাপন কৰি দুৰ্গোৎসবৰ শ্ৰী গনেশ কৰাৰ লগতে ২১অক্টোবৰত মহাসপ্তমি,২২অক্টোবৰত মহাঅষ্টমী, ২৩ অক্টোবৰত মহানবমী বিহিত পূজা পুৰোহিতৰ বৈদিক মন্ত্ৰচাৰেনেৰে কৰাৰ লগতে মহাসপ্তমিত স্থানিয় শিল্পী ৰ দ্বাৰা ভক্তিমূলক গীত নৃত্য পৰিবেশন, মহা অষ্টমী ত মৰিগাঁও ৰ পৰা আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিবেশন, মহা নবমীত চিপাঝাৰৰ পৰা আমন্ত্ৰিত নাগাৰা নামৰ মৌচুমী নাথৰ নামতী দলৰ দ্বাৰা নাম পৰিবেশন কৰা হব।

   দুৰ্গোৎসবৰ অন্তিম দিন ২৪ অক্টোবৰ মহাদশমীত পূবা দশমী বিহিত পূজা সম্পন্ন কৰি বিয়লী ৩.৩০বজাত মাৰ প্ৰতিমা নগৰ ভ্ৰমন কৰাই জল বিসৰ্জন কৰা হব।