ৰহা নিবাসী বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী,স্বপ্নদ্ৰষ্টা হিৰন্য নাৰায়ন বৰাৰ ওপজা দিন উপলক্ষে আজি বক্তৃতা আৰু বঁটা প্ৰদান সম্পন্ন হৈ যায়।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

     স্বপ্নদ্ৰষ্টা হিৰন্যনাৰায়ন বৰা ৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্য গঠিত হিৰন্য নাৰায়ন বৰা স্মৃতি ন্যাসৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত আজি ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ বিয়লী তিনি বজাত অনুষ্ঠিত হোবা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ বিশিষ্ট শিক্ষাবিদ ৰমনী কুমাৰ ভূঞা ৰ দ্বাৰা হিৰন্য নাৰায়ন বৰাৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু সাবিত্ৰী শইকিয়া দাস আৰু সংগী সকলৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰ দ্বাৰা ৰচিত বৰগীত পৰিবেশন কৰি কৰাৰ পাচত ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা ৰ সভাপতিত্বত,হিৰন্য নাৰায়ন বৰাৰ সু কন্যা ড° পল্লবী বৰা ৰ উদ্দেশ্য ব্যাখ্যা আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিল্পী তথা চিকিৎসক ড° অঞ্জন জ্যোতি চৌধুৰী মুখ্য বক্তা ৰুপে উপস্থিত থাকি সভা সম্বোধন আৰু গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।তাৰ পাছত স্বপ্নদ্ৰষ্টা হিৰন্যনাৰায়ন বৰা স্মাৰক বঁটা সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰ সুদীৰ্ঘ কালৰ সহযোগী তথা বিশিষ্ট সংগীত শিল্পী কমল কটকী ক বিশিষ্ট শিল্পী তথা ডিমৰীয়া মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ ৰামচৰন ভৰালীয়ে প্ৰদান কৰে।প্ৰদান কৰা বঁটা ত এখন ফুলাম গামোচা,চেলেং,জাপি,শৰাই আৰু সম্বৰ্ধনা পত্ৰ ।

         অনুষ্ঠানত হিৰন্য নাৰায়ন বৰাৰ সু পুত্ৰ হিমাদ্ৰী নাৰায়ন বৰা, ৰুপেন্দ্ৰ নাৰায়ন বৰা,ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, প্ৰাক্তন প্ৰবক্তা তথা লিমাৰিক কবি জতিন্দ্ৰ কুমাৰ পাৰৈ, ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেবী,সু লেখিকা মনোৰমা ভুঞা, বিনুলস্কৰ ঠাকুৰিয়া,সদৌ অসম তিবা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং,সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃদুল হাজৰিকা, নগাঁও জিলা অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰ উপাধ্যক্ষ হৰি প্ৰসাদ ৰাজখোৱা, মানব অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰধান সচিব লক্ষী প্ৰসাদ ডেকা,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা,হিৰন্য নাৰায়ণ বৰা স্মাৰক ন্যাসৰ সদস্য হিমন্ত বিকাশ ডেকা, সাংবাদিক ফুনু শৰ্মা, চয়েল খেতান, অসীম ছেত্ৰী, মৃনাল তামূলী সহ জ্যেষ্ঠ নাগৰিক সন্মিলন, তিবা ছাত্ৰ সন্থা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা সূৰ্যবতী শাখা সাহিত্য সভা,অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহা,ৰহা লেখিকা সমাৰোহ সমিতি, হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাসৰ সদস্য সদস্যা,পৰিয়াল বৰ্গ আৰু গনমান্য ব্যক্তি উপস্থিত থাকি হিৰন্য নাৰায়ন বৰাৰ প্ৰতিচ্ছবি চ পূষ্পাঞ্জলী অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।