আদিবাসী ছেঙ্গেল অভিযান ডিব্ৰুগড় জ'ন সমিতিৰ উদ্যোগত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে "ছাৰনা ধৰ্ম ক'ড জনজাগৰণ সভা' অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি হিচাপে আদিবাসী ছেঙ্গেল অভিযান ৰাষ্ট্ৰীয় অধ্যক্ষ সালখান মুৰ্মুৰ লগতে আদিবাসী ছেঙ্গেল অভিযানৰ ৰাজ্যিক বিষয়- ববীয়া সকল উপস্থিত থাকে ।

'আদিবাসী সকলক "ছাৰনা ধৰ্ম" কোডৰ মান্যতা প্ৰদান কৰা', 'অসমৰ আদিবাসী সকলক অতি শীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা', 'ৰাষ্ট্ৰীয় মান্যতা প্রাপ্ত চাওতালি ভাষাক ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যিক ভাষা হিচাপে মান্যতা প্ৰদান কৰাৰ লগতে অসম, বিহাৰ, পশ্চিমবঙ্গ আৰু ওড়িষ্যাত দ্বিতীয়/সহযোগী ভাষা হিচাপে মান্যতা প্ৰদান কৰা' ইত্যাদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় ।