ৰহা মহাবিদ্যালয়ত যোবা ১৯চেপ্তেম্বৰৰ পৰা আৰম্ভ হোবা ১০ দিনীয়া যোগ প্ৰশিক্ষণ শিবিৰৰ আজি সফল সমাপন হোবাৰ লগতে অংশ গ্ৰহণ কৰা ১০০ছাত্ৰ ছাতেৰীলৈ অংশ. গ্ৰহনৰ মানপত্ৰ প্ৰদান কৰা হয়।

       ৰহা মহাবিদ্যালয় অৰ্থনীতি আৰু হিষ্ট্ৰী বিভাগৰ উদ্যাগত আৰু প্ৰাক্তন শিক্ষাৰ্থী এচোচিয়েচন ৰ সহযোগত ১৯ চেপ্তেম্বৰ ৰ পৰা আৰম্ভ হোবা ১০ দিনীয়া কৰ্মশালাত মুখ্য যোগ শিক্ষক সঞ্জয় কুমাৰ কাকতী সহযোগ শিক্ষক শিল্পী বনিক,পূজা দাস আৰু নিকিতা শৰ্মাৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলক যোগৰ প্ৰশিক্ষণ দিয়া যোগ প্ৰশিক্ষণ শিবিৰৰ আজি সমাপন ত প্ৰশিক্ষণ শিবিৰত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলক অংশ গ্ৰহণৰ প্ৰমান পত্ৰ প্ৰদান কৰা হয়।

     আজি সমাপন অনুষ্ঠানত ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, উপাধক্ষা মনিকা দাস,যোগ প্ৰশিক্ষণ শিবিৰৰ সমন্বয়ক তথা প্ৰবক্তা উওম দাস,হিষ্টী বিভাগৰ মুখ্য প্ৰবক্তা মৃনাল শৰ্মা, ৰাজনীতি বিজ্ঞান বিভাগৰ মুখ্য প্ৰবক্তা মৃদুল কুমাৰ শৰ্মা,সংস্কৃত বিভাগৰ মুখ্য প্ৰবক্তা ড° দিজেন শৰ্মা, প্ৰবক্তা  কৃষ্ণা হাজৰিকা,লক্ষী প্ৰসাদ মেদক,সহ ৰহা মহাবিদ্যালয় ৰ অধ্যাপক,অধ্যাপিকা, ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।