পুৱাৰ ভাগত এজাক ডবাপিতা বৰষুণত ডুব গ’ল বাইহাটা চাৰিআলি ৷ কামৰূপ জিলা লোক নিৰ্মাণ বিভাগৰ বিভাগীয় বিষয়া কৰ্মচাৰীৰ চূড়ান্ত হেমাহি আৰু গাফিলতিৰ বাবে কমলপুৰ আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বাইহাটা চাৰিআলি চকৰ গোৰেশ্বৰ আৰু মঙলদৈ পথ এনেদৰে এজাক বৰষুণতে যাতায়তৰ অনুপযোগী হৈ পৰিছে ৷ বৰষুণৰ পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰাত আজি জীয়াতু ভুগিবলগীয়া হয় পথটিৰে অহা-যোৱা কৰা বিদ্যালয়-মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীকে ধৰি ক্ষুদ্ৰ ব্যৱসায়ী আৰু যানবাহনৰ গৰাকী আৰু চালক সকল। উল্লেখযোগ্য যে বাইহাটা চাৰিআলি চকৰ মঙলদৈ (১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ) পথ আৰু গোৰেশ্বৰ পথৰ অৱস্থা অতি পুতৌজনক । যাৰবাবে এই পথটোৰে দৈনিক যাতায়াত কৰা হেজাৰ হেজাৰ পথচাৰীয়ে যাতায়াতৰ ক্ষেত্ৰত প্ৰতিনিয়ত আহুকালৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে । পথ দুটাৰ বিভিন্ন ঠাইত এজাক বৰষুণ দিলেই পানী জমা হৈ পৰাৰ ফলত পথটোত থকা গাঁতবোৰৰ বাবে সময়ে সময়ে সৰু-বৰ দূৰ্ঘটনাও সংঘটিত হৈ আহিছে ৷ পথটো শীঘ্ৰে মেৰামতি নকৰিলে যিকোনো মুহূৰ্ততে দূৰ্ঘটনাই পথচাৰীৰ প্ৰাণ কাঢ়িব বুলি আশংকা ব্যক্ত কৰিছে বাইহাটা চাৰিআলিৰ কেইবাটাও সামাজিক সংস্থাৰ নেতৃবৃন্দয় ৷ প্ৰণিধানযোগ্য যে পথটোৰ দুয়োকাষে পানী পৰিবাহী নলাৰ সু-ব্যৱস্থা নথকাৰ ফলতে এজাক বৰষুণ পৰিলেই পানীৰে ভৰি পৰে মঙলদৈ আৰু গোৰেশ্বৰ পথ ৷ পথটোৰ দুয়োফালে নলাৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও আজিলৈ লোকনিৰ্মাণ বিভাগে কোনো গুৰত্ব প্ৰদান কৰা পৰিলক্ষিত নহল ।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ কালত লোক নিৰ্মাণ বিভাগৰ অধীনত ৰাজ্যৰ বাট পথৰ দ্ৰুত উন্নয়ন হৈ থকাৰ সময়ত বাইহাটা চাৰিআলিৰ এই পুতৌলগা অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ গোৰেশ্বৰ আৰু মঙলদৈ পথৰ নলাসমূহ মেৰামতি কৰি কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া এতিয়া ৰাইজৰ বাবে কোটিটকীয়া প্ৰশ্ন ৷ এই ক্ষেত্ৰত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু জালুকবাৰী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি বাইহাটা চাৰিআলিক কৃত্ৰিম বানমুক্ত কৰিবলৈ আহবান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उदगीर देगलूर रोडवर राघोबा तांड्याजवळ कार व ऑटो रिक्षाचा अपघात झाल्याची घटना अपघात कसा झाला पहा
उदगीर देगलूर रोडवर राघोबा तांड्याजवळ कार व ऑटो रिक्षाचा अपघात झाल्याची घटना अपघात कसा झाला पहा
মৰাণত ৰসহ্যজনক ভাৱে সন্ধানহীন মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিষয়া, ৮ আক্টোবৰৰ পৰা সন্ধানহীন বিষয়াজন
মৰাণত ৰসহ্যজনক ভাৱে সন্ধানহীন মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিষয়া, ৮ আক্টোবৰৰ পৰা সন্ধানহীন বিষয়াজন
8 Dead and 4 Missing at a Quarry Cave in Mizoram
An accident took place at a stone quarry in rural Mizoram on the evening of Monday that led to...