অসম গৌৰৱ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান
পৰ্যটক সকলৰ বাবে এটা ভাল খৱৰ,
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা
বৰ্তমান বিশ্বত ৫ ধৰনৰ গঁড় পোৱা যায়৷ তাৰ ভিতৰত দুটা প্ৰজাতি আফ্ৰিকা আৰু তিনিটা প্ৰজাতিৰ গঁড় দক্ষিন এছিয়াত পোৱা যায়৷ ইয়াৰে জাভা আৰু সুমাত্ৰা প্ৰজাতিৰ গঁড় প্ৰায় বিলুপ্ত অৱস্থাত আছে৷ বিশ্ব গঁড় দিৱসৰ দিনা উদ্যানখনত উপস্থিত থকা সহকাৰী বন সংৰক্ষক ৰাজীৱ হাজৰিকাই উল্লেখ কৰে, যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ ১০১টা গঁড়ৰ সংখ্যাৰ পৰা বৰ্তমান ১২৫ টালৈ বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা ৷ পৰ্যটক সকলৰ বাবে এটা ভাল খৱৰ বুলি জনাই সহকাৰী বন সংৰক্ষক ৰাজীৱ হাজৰিকাই।