দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান এইবাৰ আহতৰ কাষত । শ্যামপুৰৰ খেৰণি চাপৰিত বাঘৰ আক্ৰমণত আহত হৈছিল চাৰিজনকৈ লোক । আহত সকলৰ খবৰ লবলৈ খেৰণি চাপৰি গাঁৱত উপস্থিত হয় বিধায়ক মজিবুৰ ৰহমান । এসপ্তাহ পূৰ্বে দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা নাহৰফুটুকী বাঘ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খেৰণি চাপৰি গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । গাঁও খনৰ চাৰি জনকৈ লোক বাঘটোৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ মঙলদৈ আৰু গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছিল । আহত হৈছিল খেৰণী চাপৰি গাঁৱৰ ফৈজুদ্দিন , আজাহাৰ আলী , আবুতালেব আৰু চাহেদ আলী । আহত সকলে লাভ কৰা নাছিল কোনো ধৰণৰ চৰকাৰী ক্ষতিপূৰণ । শনিবাৰে খেৰণি চাপৰি গাঁৱত বিধায়ক মজিবুৰ ৰহমান আহত লোক সকলৰ খবৰ লোৱাৰ লগতে ব্যক্তিগত ভাৱে চাৰিজন আহতক ২৫ হাজাৰ টকা প্ৰদান কৰে । ফৈজুদ্দিক ১০ হাজাৰ আৰু বাকী তিনি জন আহতক ৫ হাজাৰ কৈ টকা প্ৰদান কৰে । বন মন্ত্ৰী তথা বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে আলোচনা মৰ্মে আহত সকলক ক্ষতিপূৰণ লৈ দিয়াৰ আশ্বাস প্ৰদান কৰে বিধায়ক মজিবুৰ ৰহমানে । উল্লেখযোগ্য যে , ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উক্ত এলেকাত কাটাতাৰৰ বেৰ নথকাৰ বাবেই প্ৰায়েই গঁড় , বাঘ , গাহৰি ওলাই আহি বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰিছে অঞ্চল খনত । ৰাষ্ট্ৰীয় উদ্যান খনৰ কাটাতাৰৰ বেৰ দিবলৈ বিধায়ক গৰাকীক আহ্বান জনাইছে স্থানীয় ৰাইজে । বিধায়ক মজিবুৰ ৰহমানে সাংবাদিকক জানিবলৈ দিয়ে যে , ওৰাং ৰাষ্ট্ৰীয় উদ্যান খেৰণি চাপৰি গাঁৱৰ মাজেৰে বৈ যোৱা ধনশিৰী নৈৰ গৰাখহনীয়াৰ ফলত বন বিভাগে দিয়া কাটাতাৰৰ বেৰ নাথাকে । নদী খনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিধানসভাৰ মজিয়াত দাবী উত্থাপন কৰিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাজিৰা এম চি ক্লাৱত ৰাইজৰ দলৰ সাংগঠনিক সভা সম্পন্ন
নাজিৰা এম চি ক্লাৱত ৰাইজৰ দলৰ সাংগঠনিক সভা সম্পন্ন
শিৱসাগৰৰ নাজিৰা এম চি ক্লাৱত আজি ৰাইজৰ দলৰ...
গোৰেশ্বৰৰ পৌৰসভা কাৰ্যলয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োই
গোৰেশ্বৰৰ পৌৰসভা কাৰ্যলয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োই
MAHEMDAVAD- મહેમદાવાદ શહેર મા મહંમદ પેગમ્બર સાહેબ ના જન્મદિને ઈદે મિલાદ મુબારક ની ઉજવણી કરવામાં આ
MAHEMDAVAD- મહેમદાવાદ શહેર મા મહંમદ પેગમ્બર સાહેબ ના જન્મદિને ઈદે મિલાદ મુબારક ની ઉજવણી કરવામાં આ