সেনাপতি পাৰাৰ বালিপুখুৰীৰ পাৰত মহলীয়াপাৰা আঞ্চলিক সংগীত কলা একাডেমিৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰ অধ্যয়ন
সুকুমাৰ কলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মহলীয়াপাৰা আঞ্চলিক সংগীত কলা একাডেমিৰ প্ৰায় দুশ জনীয়া শিক্ষাৰ্থীৰ দল এটি ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে ৰজা আৰিমত্তই খন্দোৱা ঐতিহাসিক বালিপুখুৰীৰ পাৰলৈ লৈ যোৱা হয়। মহলীয়াপাৰা আঞ্চলিক সংগীত কলা একাডেমিৰ প্ৰশিক্ষকত্ৰয় ৰমেশ শৰ্মা,
হিৰণ্য শৰ্মা আৰু কমল কৃষ্ণ ৰাভাৰ তত্ত্বাৱধানত যোৱা শিক্ষাৰ্থীসকলে
বালিপুখুৰী পাৰাত এক
প্ৰদূষণ মুক্ত পৰিবেশৰ ধাৰণাৰে নিজস্ব কলাত্মক চিন্তাক ৰং তুলিকাৰে অংকন কৰে। উল্লেখযোগ্য যে একাডেমীখনে শিক্ষাৰ্থীসকলক প্ৰত্যেক বছৰে একোখন ঐতিহাসিক পীঠস্থানৰ সৈতে পৰিচয় কৰি দিয়াৰ প্ৰয়াস চলাই আহিছে।