দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান এইবাৰ আহতৰ কাষত । শ্যামপুৰৰ খেৰণি চাপৰিত বাঘৰ আক্ৰমণত আহত হৈছিল চাৰিজনকৈ লোক । আহত সকলৰ খবৰ লবলৈ খেৰণি চাপৰি গাঁৱত উপস্থিত হয় বিধায়ক মজিবুৰ ৰহমান । এসপ্তাহ পূৰ্বে দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা নাহৰফুটুকী বাঘ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খেৰণি চাপৰি গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । গাঁও খনৰ চাৰি জনকৈ লোক বাঘটোৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ মঙলদৈ আৰু গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছিল । আহত হৈছিল খেৰণী চাপৰি গাঁৱৰ ফৈজুদ্দিন , আজাহাৰ আলী , আবুতালেব আৰু চাহেদ আলী । আহত সকলে লাভ কৰা নাছিল কোনো ধৰণৰ চৰকাৰী ক্ষতিপূৰণ । শনিবাৰে খেৰণি চাপৰি গাঁৱত বিধায়ক মজিবুৰ ৰহমান আহত লোক সকলৰ খবৰ লোৱাৰ লগতে ব্যক্তিগত ভাৱে চাৰিজন আহতক ২৫ হাজাৰ টকা প্ৰদান কৰে । ফৈজুদ্দিক ১০ হাজাৰ আৰু বাকী তিনি জন আহতক ৫ হাজাৰ কৈ টকা প্ৰদান কৰে । বন মন্ত্ৰী তথা বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে আলোচনা মৰ্মে আহত সকলক ক্ষতিপূৰণ লৈ দিয়াৰ আশ্বাস প্ৰদান কৰে বিধায়ক মজিবুৰ ৰহমানে । উল্লেখযোগ্য যে , ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উক্ত এলেকাত কাটাতাৰৰ বেৰ নথকাৰ বাবেই প্ৰায়েই গঁড় , বাঘ , গাহৰি ওলাই আহি বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰিছে অঞ্চল খনত । ৰাষ্ট্ৰীয় উদ্যান খনৰ কাটাতাৰৰ বেৰ দিবলৈ বিধায়ক গৰাকীক আহ্বান জনাইছে স্থানীয় ৰাইজে । বিধায়ক মজিবুৰ ৰহমানে সাংবাদিকক জানিবলৈ দিয়ে যে , ওৰাং ৰাষ্ট্ৰীয় উদ্যান খেৰণি চাপৰি গাঁৱৰ মাজেৰে বৈ যোৱা ধনশিৰী নৈৰ গৰাখহনীয়াৰ ফলত বন বিভাগে দিয়া কাটাতাৰৰ বেৰ নাথাকে । নদী খনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিধানসভাৰ মজিয়াত দাবী উত্থাপন কৰিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોંગ્રેસ યુવા પરિવર્તન યાત્રાનું દાહોદ શહેરમાં થયું આગમન થતાં સ્વાગત 2022 | Spark Today News
કોંગ્રેસ યુવા પરિવર્તન યાત્રાનું દાહોદ શહેરમાં થયું આગમન થતાં સ્વાગત 2022 | Spark Today News
राजस्थान के नए राज्यपाल का जनजातीय क्षेत्रों पर फोकस
राज्यपाल हरिभाऊ किसनराव बागडे ने जनजातीय क्षेत्रों के विकास को सर्वोच्च प्राथमिकता देते हुए कार्य...
Manipur Violence: मणिपुर में नहीं थम रही हिंसा, थंगजिंग में कई राउंड गोलीबारी; मौके पर सुरक्षा बल मौजूद
मणिपुर में हिंसा की आग नहीं बुझ रही है। लगातार गोलीबारी की खबरें सामने आ रही है। मणिपुर में...