মৰাণৰ অভয়পুৰ বঙালী গাঁৱত খাৰিয়া পৰিয়ালৰ অবৈধভাৱে দখল কৰি ৰখা ভুমি মোকলাই দিয়া, দাবীত আছাৰ অৱস্থান ধৰ্মঘট 

ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰৰ অন্তৰ্গত অভয়পুৰ বঙালী গাঁৱৰ খাৰিয়া উপাধিধাৰী পৰিয়ালৰ ভূমি অবৈধভাৱে কিছু সংখ্যক লোকে দখল কৰি ৰখা ভুমি মোকলাই দিয়াৰ দাবীত আজি আছা ৰ মৰান আঞ্চলিক সমিতিয়ে মৰান ৰাজহ চক্ৰ বিষযা কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে । আছাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰিছা মুণ্ডা, সম্পাদক দেবেন উৰাংৰ নেতৃত্বত আজি দিনৰ এঘাৰ বজাৰ পৰা এক বজালৈকে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে আৰু পিছত ৰাজহচক্ৰ বিষয়াক এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰি অবৈধ ভাৱে দখল কৰি ৰখা ভূমি মোকলাই দিয়াৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে খাৰিয়া পৰিয়ালটোৰ চনু খাৰিয়া, বাকা খাৰিয়া আৰু অনিল খাৰিয়া নামত ১৪ নং পট্টাৰ ৫৭, ৬৬, ৬৮, ৬৯, ৭০ নং দাগত প্ৰায় ১৮ বিঘা ভূমি আছিল কিন্তু, অবৈধভাৱে দখল কৰাৰ ফলত ৪ বিঘা ২ লোচা ভূমিহে বাকী আছে । 

আলি আকবৰ আহমেদ, মমী সোনোৱাল, বিতুপন সোনোৱাল, পাপু ৰয়, কৈলাস বেৰীয়া আৰু চুটকা আহমেদৰ বিৰুদ্ধে উত্থাপন হৈছে ভূমি বেদখল কৰাৰ অভিযোগ । ইতিমধ্যে, এই সন্দৰ্ভত মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত অভিযোগ দাখিল কৰা হৈছে যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই । যাৰ ফলত আজি আছাৰ মৰাণ আঞ্চলিক সমিতিয়ে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হয়।