কানাডাৰ ৱিনিপেগত সন্ত্ৰাসবাদী সুখদুল সিঙৰ হত্যাকাণ্ডৰ দায়িত্ব গ্ৰহণ কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ অপৰাধী চক্ৰই।

গেংটোৱে দৃঢ়তাৰে কয় যে গেংৰ সদস্য গুৰলাল ব্ৰাৰ আৰু ভিকি মিডখেৰাক হত্যা কৰাত সুখদুল সিঙে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল, আনকি বিদেশত থকাৰ সময়তো হত্যাকাণ্ডৰ আয়োজন কৰিছিল।

সুখদুল সিঙক “ড্ৰাগছ আসক্ত” বুলি উল্লেখ কৰি লৰেন্স বিষ্ণয়ৰ দলটোৱে তেওঁক অসংখ্য জীৱন ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ এই কাৰ্য্যৰ বাবে তেওঁৰ “ন্যায্য শাস্তি” লাভ কৰা বুলি দাবী কৰে। 

আন এজন গেংষ্টাৰ সন্দীপ নংগল অম্বিয়াক হত্যা কৰাৰ বাবে সুখদুল সিং দায়ী বুলিও অভিযোগ উত্থাপন কৰে চক্ৰটোৱে।

তেওঁলোকৰ বিৰোধীক কঠোৰ সতৰ্কবাণী দি এই দলটোৱে ঘোষণা কৰে যে তেওঁলোকৰ বিৰোধিতা কৰাসকলে ভাৰতত লুকাই হওক বা আন কোনো দেশতেই হওক কোনো শান্তি নাপাব। 

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ তদন্তত ড্ৰাগছ সৰবৰাহৰ গোচৰত জড়িত থকাৰ বাবে বৰ্তমান আহমেদাবাদত কাৰাবন্দী হৈ আছে লৰেন্স বিষ্ণোই। 

পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছ ৱালাৰ হত্যাকাণ্ডৰো সন্দেহযুক্ত।

এ কেটেগৰী গেংষ্টাৰ হিচাপে শ্ৰেণীভুক্ত সুখদুল সিং মূলতঃ পঞ্জাবৰ মোগাত আছিল আৰু তেওঁ নিজৰ গৃহ ৰাজ্যৰ পৰা কানাডালৈ পলায়ন কৰিছিল। তেওঁৰ সম্পৰ্ক আছিল খালিস্তানী সন্ত্ৰাসবাদী আৰ্শদীপ সিং, যাক আৰ্ষ দালা বুলিও জনা যায়।