ডুগডুগী অষ্টম বাৰ্ষিক দূৰ্গোৎসৱৰ মুখ্য আকৰ্ষণ হব চন্দ্ৰযান -৩

   নগাঁও জিলাৰ ৰনথলি স্থিত তথা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শুদ্ধ অসমীয়া কেঁচা গহনাৰ প্ৰতিষ্ঠান ডুগডুগী এই বৰ্ষ অষ্টম বাৰ্ষিক শাৰদীয় দূৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

       ডুগডুগী ৰ স্বতাধিকাৰী তথা সমাজসেৱী উৎপল বনিয়াই জানিবলৈ দিয়ে যে এই বৰ্ষ ৫০ ফুট দৈৰ্ঘ্যৰ চন্দ্ৰযান -৩ৰ আৰ্হিত নিৰ্মাণ কৰা হব মহিশাসুৰ মৰ্দনী,জগতজননী মা দুৰ্গাৰ দৰবাৰ লগতে চন্দ্ৰযান -৩ৰ নিৰ্মাণ কৰিব স্থানীয় যুবক তথা শিল্পী অঞ্জন বৰাই মণ্ডপৰ ভিতৰত সৌৰজগত আৰ্হি আৰু চন্দ্ৰপৃষ্ঠত বিক্ৰম আৰু প্ৰজ্ঞান অবতৰনৰ দৃশ্য প্ৰদৰ্শন কৰা হব আৰু পুজা মণ্ডপৰ ৰাস্তাৰ দুয়োকাষে খেৰেৰে নিৰ্মিত বৃহৎ আকাৰৰ হাতি থাকিব যাৰ নিৰ্মান কৰিব ৰহা আমনিশালী তথা বিশিষ্ট শিল্পী ভগৱান সেনাপতিয়ে।

       লগতে বনিয়াই জানিব দিয়ে যে ২০অক্টোবৰ মহাষষ্ঠী কলহ স্থাপনেৰে শাৰদীয় দূৰ্গা পূজাৰ আৰম্ভ হব আৰু ২১অক্টোবৰ মহাসপ্তমী ৰ সন্ধিয়া ৭বজাৰ পৰা নীলমনি বৰাৰ পৰিচালনাত "মহাভাৰতৰ মা"নাট মঞ্চস্থ কৰা হব।

  মহাঅষ্টমী ২২ অক্টোবৰৰ সন্ধিয়া ৭বজাৰ পৰা বঢ়মপুৰ আঞ্চলিক হৰি ভকত নামতি দলৰ দ্বাৰা দিহানাম পৰিবেশন কৰাৰ লগতে ২৩ অক্টোবৰ মহানবমী চন্দ্ৰাবলী শিল্পী সমাজ,নগাঁও ৰ দ্বাৰা কেলিগোপাল নাটৰ আধাৰত শ্ৰীশ্ৰী কৃষ্ণ প্ৰভুৰ ৰাসলীলা প্ৰদৰ্শন কৰা হব।

  বনিয়াই সমূহ ভক্তপ্ৰান ৰাইজৰ উপস্থিতিৰ কামনা কৰিছে।