কংগ্ৰেছ ত্যাগ কৰা সিন্ধিয়া সংসদত ছোনিয়াৰ কাষত বহি আছে
মঙলবাৰে পুৰণি সংসদ ভৱনত এক অনুষ্ঠানৰ সময়ত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ কাষত বহিল কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। উল্লেখযোগ্য যে ২০২০ চনত সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰিছিল।প্ৰথমতে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বহিছিল আৰু পিছলৈ দলৰ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে ছোনিয়াৰ কাষত আসন এৰি যোৱাৰ পিছত সিন্ধিয়াই ছোনিয়াৰ কাষত বহিবলৈ আগবাঢ়িছিল বুলি পিটিআইয়ে প্ৰকাশ কৰিছে।
 
  
  
  
   
  