ৰাজ্যজুৰি ভুমি কেলেংকাৰীয়ে তোলপাৰ লগোৱাৰ সময়তে ঢকুৱাখনাতো ভূমি কেলেংকাৰীৰ ভয়ঙ্কৰ তথ্য পোহৰলৈ আহিছে।

     এইবাৰ ঢকুৱাখনাত কবৰস্থানৰ ভূমি বেদখলৰ অভিযোগ উঠিছে স্থানীয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি থানুকণ আলিৰ বিৰুদ্ধে l

     উল্লেখ্য যে, ঢকুৱাখনাৰ একমাত্ৰ মুছলিম বসতিপ্ৰধান মাণিকপুৰ গাঁৱৰ চাৰিকড়ীয়া নৈৰ পাৰত প্ৰায় চাৰে তিনি বিঘা ভূমিত ৰাইজে গঢ়ি তুলিছিল একমাত্ৰ কবৰস্থান খনl

     ভাৰত স্বাধীন হোৱাৰ পূৰ্বেই চৰকাৰী ভূমি, দান সূত্ৰে পোৱা ভূমি আৰু ৰাইজে কিনি লোৱা ১ কঠা ৩ লেচা মাটিৰে গঢ়ি তুলিছিল কবৰস্থান খন।

     সেই কবৰস্থান খন ঢকুৱাখনা মহকুমাৰ প্ৰথমজন মহকুমাধিপতি আনোৱাৰউদ্দিন চৌধুৰীয়ে চৰকাৰী অনুদানেৰে চাৰিবেৰা নিৰ্মাণ কৰি দিছিল।

     কিন্তু সেই কবৰস্থানৰ ৰাইজে কিনি লোৱা ১ কঠা ৩ লেচা ভূমি বেদখল কৰিছে ঢকুৱাখনা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি থানুকণ আলিয়ে

     বিগত কিছুদিন কবৰস্থান খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ দ্বায়িত্বত থকা এইজন বিজেপি কৰ্মীয়ে কবৰস্থানৰ কিনি লোৱা ভূমি খণ্ডৰ নথিপত্ৰ সমূহ হস্তগত কৰি নামি পৰিছে এনে দুষ্কাৰ্যতl

     ইতিমধ্যে বিষয়টো ৰাইজৰ দৃষ্টিগোচৰ হোৱাত এইজন থানুকণ আলিক সভাপতি পদৰ পৰা অপসাৰণ কৰিছে আৰু ভূমি বেদখলমুক্ত কৰিবৰ বাবে ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়া আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনক আৱেদন জনাইছেl

     কিন্তু ৰহস্যজনক কাৰণত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে এনেদৰে একগোট হৈ বেদখল উচ্ছেদ কৰাৰ দাবী জনাইছে।।।।  ।।