বিকাশ শইকীয়া, ১৯ ছেপ্টেম্বৰঃ
কম্পিউটাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আই.চি.ই.ৰ মাজুলী শাখাৰ পৰা সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা এই বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক আজি প্ৰমাণপত্ৰ বিতৰণ কৰা হয়৷ এই উদ্দেশ্যৰে আয়োজিত অনুষ্ঠানটি সমান্তৰালভাবে পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱা মাজুলীৰ গৌৰৱ ড॰ হেমচন্দ্ৰ গোস্বামী, ৰাষ্ট্ৰীয় কলাশ্ৰী বঁটা আৰু অসম চৰকাৰৰ লোকসেৱা বঁটাৰে বিভূষিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান মাজুলীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ শইকীয়া, লোকশিল্পী বিষ্ণু দাস আৰু আই.চি.ই. মাজুলীৰ প্ৰাক্তন প্ৰশিক্ষাৰ্থী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত সোণৰ পদকপ্ৰাপ্ত জেংৰাইমুখ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দেৱজিত শইকীয়াক সম্বৰ্ধনা জনোৱা হয়৷ বিভিন্ন শাখাৰ পৰা ছয় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ সফলভাবে সম্পন্ন কৰা প্ৰতিষ্ঠানটোৰ মাজুলী শাখাটোৰ পৰা এতিয়ালৈকে প্ৰায় ২৩২ জন ছাত্ৰ-ছাত্ৰীয়ে কৃতিত্বৰে প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে বহুসংখ্যকেই চৰকাৰী অথবা বেচৰকাৰীভাবে নিযুক্তি লাভ কৰি শাখাটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে কেইবাগৰাকীয়ে আত্মসংস্থাপনৰ বাটো মুকলি কৰিবলৈ সক্ষম হৈছে৷ আজিৰ অনুষ্ঠানটিত সম্বৰ্ধিত ব্যক্তিসকলৰ লগতে আই.চি.ই. প্ৰতিষ্ঠাপক ধ্ৰুৱজ্যোতি তামুলী, পুব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দিপক বৰা, চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ মহন্ত, আই.চি.ই. নকছাৰি শাখাৰ শাখা সঞ্চালক ৰাজু চুতীয়া আদিয়ে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে৷ আই. চি.ই.ৰ প্ৰশিক্ষাৰ্থী অংকুৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত মাজুলী শাখাৰ সঞ্চালক ভূপেন শইকীয়াই প্ৰতিষ্ঠানটোৰ গুণগত মানৰ আপোচবিহীন স্থিতিৰ বিষয়ে অৱগত কৰে৷ বৰ্তমান বহু অসাধু ব্যৱসায়ীয়ে কম্পিউটাৰৰ ডিপ্লমাক লৈ বেহা-বেপাৰ চলোৱাৰ বিপৰীতে আই. চি. ই. য়ে নিৰ্দিষ্ট প্ৰশিক্ষণ আৰু মূল্যায়নৰ পাছত হে প্ৰমাণপত্ৰ প্ৰদান কৰা বিষয়টোৱে প্ৰতিষ্ঠানটোৰ সততাক প্ৰতিনিধিত্ব কৰে বুলি মন্তব্য আগবঢ়াই আই. টি. আই.ৰ প্ৰাধিকাৰী আনন্দ শইকীয়াই । তেখেতে লগতে কয় যে ব্যৱহাৰিক শিক্ষা কেৱল ব্যৱহাৰিক হোৱা উচিত আৰু এই ক্ষেত্ৰত ৯৯ শতাংশ ব্যৱহাৰিক প্ৰশিক্ষণেৰে আই.চি.ই.য়ে এই ধাৰা অক্ষুণ্ণ ৰাখিছে৷ ভাষণ প্ৰসংগত প্ৰতিষ্ঠানটিৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি তামুলীয়ে প্ৰশিক্ষাৰ্থীসকলক কয় যে, যিদৰে মুখাশিল্পৰ কথা ক’লে পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীৰ নামটো মনলৈ আহে, যিদৰে ক্ৰিকেট বুলিলে আজিৰ ধোনীৰ কথা মনলৈ আহে, ঠিক সেইদৰে কম্পিউটাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলেও এই লক্ষ্য লোৱা প্ৰয়োজন যাতে কম্পিউটাৰৰ কথা আহিলেই কেৱল তেওঁলোকৰ কথা মনলৈ আহে৷ মুখাশিল্পী, পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰে, ‘‘যিকোনো কামত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিলে সমাজত প্ৰতিষ্ঠা লাভ কৰাটো সহজসাধ্য হয় ৷ এইক্ষেত্ৰত বিদ্যায়তনিক যাত্ৰাৰ সমানুপাতিক ভাবে সহঃবিদ্যায়তনিক আৰু বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা অতি প্ৰয়োজন৷’’ আনহাতে আই.চি.ই.য়ে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অতি সৰুকৈ হ’লেও অৰিহণা আগবঢ়াবলৈ সক্ষম হোৱাৰ বাবে তেখেতে ইয়াৰ প্ৰতিষ্ঠাপক, শাখা সঞ্চালক সমন্বিতে সকলোৰে শলাগ লয়৷ সদৌ শেষত শাখাটোৰ সঞ্চালক ভূপেন শইকীয়াই শলাগৰ শৰাই আগবঢ়াই ৷
 
  
  
  
   
  