নতুন দিল্লী, ০৯ আগষ্ট। ছট্টীশগড় বিজেপিৰ নতুন মুৰব্বী হ'ল অৰুণ সাভ। মঙ্গলবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে অৰুণ সাভক ছত্তীশগড়ৰ নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে। তেওঁ বিষ্ণুদেৱ সাইৰ স্থানত দায়িত্বভাৰ গ্ৰহণ কৰিব। 

বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সাভে এক বিজ্ঞপ্তিত কৈছে যে সভাপতি জে পি নাড্ডাই অৰুণ সাভক ছত্তীশগড়ৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে। এই নিযুক্তি তাৎক্ষণিক প্ৰভাৱৰ সৈতে কাৰ্যকৰী কৰা হৈছে। অৰুণ সাভ বিলাসপুৰ সংসদীয় সমষ্টিৰ লোকসভাৰ সদস্য।