পোন প্ৰথম বাৰৰ বাবে এগৰাকী আদিবাসী মহিলা দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে শাসকীয় দল বিজেপিয়ে সমগ্ৰ ৰাজ্যত বিজয় উৎসৱ পালন কৰিছে। 

ৰাষ্ট্ৰপতি পদৰ বাবে ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাৰ সমর্থিত প্ৰাৰ্থী দ্রৌপদী মুর্মুৰ বিজয় উদযাপনত আজি গুৱাহাটীত দলীয় কৰ্মী আৰু ৰাইজৰ সৈতে এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।  

শোভাযাত্ৰাত অংশ লৈ মুখ্যমন্ত্রী শৰ্মাই কয়, 'মুৰ্মুৰ বিজয় কেৱল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয় নহয় এয়া জনজাতীয় অধিকাৰ আৰু নাৰী শক্তিৰ সমন্বিত বিজয়'। 

শোভাযাত্ৰাত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডা, দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাসহ কেইবাগৰাকীও কেবিনেট সতীর্থ আৰু মাননীয় বিধায়ক উপস্থিত আছিল।