*ঢকুৱাখনাৰ মাতমৰাত ১৫ কি:গ্ৰাম ওজনৰ অজগৰ উদ্ধাৰ* *কোৱাবাৰী দলনিত মুকলি বন বিভাগৰ*

আজি বিয়লি ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত মাতমৰাৰ মালয়েচিয়া তিনিআলিৰ সমীপৰ এঘৰ লোকৰ বাৰীত এডাল মজলীয়া আকৃতিৰ অজগৰ উদ্ধাৰ কৰি আনি মুকলি কৰি দিয়া হয় কোৱাবাৰী দলনিৰ জলাশয়ত।উল্লেখ্য যে আজি বিয়লি ২ মান বজাত এজন পথচাৰীয়ে মাতমৰাৰ তিনি আলিৰ সমীপৰ নিৰঞ্জন পেগু নামৰ লোকজনৰ বাৰীত এডাল অজগৰ সাপ প্ৰৱেশ কৰা দেখা পায় ওচৰৰ লোকক খবৰ দিয়াত তাত বহুত লোক সমবেত হয় সাপ চাবলৈ।ৰাইজৰ ভিৰ আৰু হাই-উৰুমিত সাপটোৱে এজোপা উখ ভেলেও গছত আশ্ৰয় গ্ৰহণ কৰে।ৰাইজৰ ভিৰ বঢ়াত স্থানীয় লোকে ঢকুৱাখনাৰ বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লগতে প্ৰকৃতিৰ হকে কাম কৰি অহা স্বেচ্ছাসেৱী সংগঠন পু,ইন,ফু,ৱাইল্ডৰ সদস্য সকল ততালিকে গৈ মাতমৰাত উপস্থিত হৈ শ শ ৰাইজৰ মাজৰ পৰা নিৰপদে অজগৰ দাল উদ্ধাৰ কৰি আনে।ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত আনি সাপডালৰ স্বাস্থ্য নীৰিক্ষণ কৰাৰ পিছত ঢকুৱাখনাৰ উপ-বন খণ্ডৰ

বন বিষয়া-চুনুমণি বৰুৱা,

পু,ইন,ফু,ৱাইল্ডৰ কৰ্মী-বিমান সন্দিকৈ,ৰাজীৱ বৰুৱা,আৰু বন কৰ্মী বৃষভ দাসৰ লগতে স্থানীয় কিছুসংখ্যক ৰাইজৰ উপস্থিতিত সাপটো উদ্ধাৰ কাৰ্যত বিশেষ ভুমিকা লোৱা পু,ইন,ফু,ৱাইল্ডৰ প্ৰকৃতি 

কৰ্মী ধ্ৰুৱজ্যোতি চেতিয়া,

আৰু ধৰ্মেশ্বৰ নাথে কোৱাবাৰী দলনিৰ জলাশয়ত প্ৰায় 

১৫ কি:গ্ৰাম ওজনৰ এই অজগৰটো মুকলি কৰি 

দিয়ে।