ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ত বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা ৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকে ৰহা ফুলগুৰি টেম্পু সন্থাই শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা ১৮ চেপ্তেম্বৰ ত অনুষ্ঠিত কৰিব।

    সন্থাৰ সভাপতি পল্লব জ্যোতি সেনাপতি আৰু সাধাৰন সম্পাদক জিতুল ডেকাই জানিব দিয়ে যে ১৮ চেপ্তেম্বৰ ৰ পূবা দহ বজাত সৰাগাঁও ৰাস মন্দিৰ পৰিসৰত শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত হব আৰু তাৰ পাচত  বনমালী নামতী দল মিকিৰভেটা,মৰিগাঁও ৰ দ্বাৰা দিহানাম পৰিবেশন কৰা হব।